![]()
অজন্তা তালুকদাৰ
বোকাখাতঃ অন্যান্য ঠাইৰ লগতে বোকাখাততো অনুষ্ঠিত হ’ল উচ্চ আৰু উচ্চতৰ শিক্ষান্ত পৰীক্ষা। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্রত ২৪ খন বিদ্যালয়ৰ ১২০৫গৰাকী ছাত্র ছাত্রীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীর্ণ হয়।
বিদ্যালয় খনৰ সংলগ্ন হিচাপে নামদৈয়াং এল, পি স্কুল, কেন্দ্রীয় বালিকা বিদ্যালয়, মুংগীলাল কৃষ্ণাদেবী বিদ্যালয়টো পৰীক্ষা হয়। পৰীক্ষা কেন্দ্র চলাবলৈ ৯০গৰাকী শিক্ষক, ২১গৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰী নিযুক্ত কৰা হৈছে বুলি কেন্দ্রৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ বাৰুকিয়ালে জনাইছে।ইফালে বোকাখাতৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৫ খন বিদ্যালয়ৰ ২৩৯ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিজছ। এই কেন্দ্ৰত ২৩ গৰাকী শিক্ষকে পালন কৰিব নিৰীক্ষাৰ দায়িত্ব।
ইফালে মহুৰা হাইস্কুল কেন্দ্ৰত ৩৬৯ গৰাকী আৰু মহুৰামুখ হাইস্কুল কেন্দ্ৰত ৪৬৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।আনহাতে বোকাখাত মহকুমা প্ৰশাসনে বিদ্যালয় চৌহদৰ ৫০মিটাৰ এলেকাত ১৪৪ধাৰা জাৰি কৰিছে। উল্লেখযোগ্য যে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ১২০৫ গৰাকী পৰীক্ষাৰ্থী,তেওঁলোকৰ অভিভাৱক, শুভাকাঙ্খীয়ে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত ভীৰ কৰে। বোকাখাত আৰক্ষীয়ে অতি নিপুনতাৰে যান বাহন নিয়ন্ত্ৰণ কৰি শৃংখলিত ভাৱে পৰীক্ষাৰ্থীক সোমোৱ ওলোৱাৰ ব্যৱস্থা কৰি দিয়ে। বোকাখাত মহকুমা সাংবাদিক সংস্থাই সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছে।
উচ্চতৰ মাধ্যমিক: সমান্তৰাল ভাৱে আজিৰেপৰা বোকাখাততো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। জানিব পৰা মতে বোকাখাত উচ্চতৰ মাধ্যমিক কেন্দ্ৰত ৫০০ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। আনহাতে বোকাখাত জেডিএচজি কলেজত অৱতীৰ্ণ হৈছে ৩২২ গৰাকী পৰীক্ষাৰ্থী। আজিৰ দুয়োটা পৰীক্ষা শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয়।













