![]()
নিউজ ডেস্কঃ
এইবাৰ দেশত কোভিড টীকা লাভ কৰিব ১২-১৪ বছৰীয়াসকলে। কোউইন এপত পঞ্জীনভুক্ত কৰাব লাগিব তাৰ বাবে নাম। বুধবাৰৰ পৰা আৰম্ভ হ’ব উক্ত প্রক্রিয়া। এই কথা জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্যই। ১২-১৪ বছৰীয়া শিশুসকলক দিয়া হ’ব কর্বিভ্যাক্স।
কেনেদৰে নাম পঞ্জীয়ন কৰিব?
• ১২-১৪ বছৰীয়াসকলে বুধবাৰৰ পৰা নাম পঞ্জীয়ন কৰিব পাৰিব৷
• অকলে বা পৰিয়ালৰ অন্য কাৰোবাৰ সৈতে নাম পঞ্জীয়ন কৰাব পাৰিব৷
• আধাৰ কার্ড নাথাকিলে স্কুলৰ পৰিচয়-পত্রৰেই শিশুসকলে নাম পঞ্জীয়ন কৰাব পাৰিব৷
• এটি মোবাইল নম্বৰেৰেই একেটা পৰিয়ালৰ চাৰিজনে নাম পঞ্জীয়ন কৰাব পাৰিব৷













