![]()
নিউজ ডেস্কঃ
ৰাজ্যত অব্যাহত আছে গণ ধৰ্ষণ কাণ্ড। গাড়ীগাঁৱৰ পিছত এইবাৰ চিৰাং জিলাৰ বিজনীত সংঘটিত হৈছে এই ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এগৰাকী ছাত্ৰীক তিনি ধৰ্ষণকাৰী ক্ৰমে ছাইফুল ইছলমান, মফিজ আলী আৰু জিয়াদুৰ ৰহমানে ধৰ্ষণ কৰি বৰপেটা জিলাৰ বগৰীগুৰীৰ এখন পথাৰত পেলাই থৈ যায়।
তাৰ পিছত, ছাত্ৰী গৰাকীয়ে নিশা ২ মান বজাত ওচৰৰে এঘৰত সহায় বিচাৰি যোৱাত ধৰ্ষণৰ কথা পোহৰলৈ আহে। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত পাণবাৰী আৰক্ষীয়ে ধৰ্ষণকাৰী ক্ৰমে ছাইফুল ইছলমানক আটক কৰি আজি জেল হাজোতলৈ নিয়া হয় যদিও আন দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।
আনহাতে, ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পৰিয়াল তথা বিভিন্ন দল-সংগঠনে। লগতে, ধৰ্ষণৰ চাৰি দিন পিছতো অভিযুক্তক ধৰিব নোৱাৰাৰ বাবে ক্ষোভিত হৈছে এবিএমছু।













