![]()
নিউজ ডেস্কঃ
ৰাজধানী কিভসহ একাধিক চহৰক প্রায় ধ্বংসস্তূপত পৰিণত কৰিছে ৰুছ সেনাবাহিনীয়ে। আনকি দুৰ্ভেদ্য স্নেক আইলেণ্ডতো প্ৰৱেশ কৰিছে ৰুছ বাহিনী। এই স্নেক আইলেণ্ড আছিল ইউক্রেইন সেনাৰ শক্তিশালী দুৰ্গ।
কোনো কাৰণতেই আত্মসমর্পণ নকৰে বুলি পণ লৈছিল ইউক্ৰেউনীয় সৈন্যই। আত্মসমর্পণ নকৰিলেও ৰুছ সেনাৰ আক্রমণত শোচনীয় অৱস্থা ইউক্রেইন বাহিনীৰ। দৈনিক যুদ্ধ কৰিবলৈ সক্ষম সাধাৰণ লোকক সেনাত যোগদান কৰোৱা হৈছে। চলিছে তেওঁলোকৰ সশস্ত্র অনুশীলন। কিন্তু প্রস্তুতিৰ বাবে কোনো স্থান নাই। পার্কিং স্থানতে চলিছে অনুশীলন।
এক সর্বভাৰতীয় সংবাদ মাধ্যমে প্রকাশ কৰা ভিডিওত দেখা গৈছে, পার্কিং স্থানকেই অস্ত্র অনুশীলনৰ ময়দান বনাই লৈছে টেৰিটৰিয়েল ফ’ৰ্চে। সৰু সৰু দলত ভাগ কৰি প্ৰশিক্ষণ দিয়া হৈছে। অনুশীলন সম্পূর্ণ হোৱাৰ পিছত তেওঁলোকক কেইবাটাও দলত ভাগ কৰি পঠাই দিয়া হৈছে প্ৰকৃত ৰণক্ষেত্রলৈ।













