![]()
নিউজ ডেস্কঃ
প্ৰবল আঘাত খালে হিজাবৰ পক্ষেত আন্দোলনৰত শিক্ষাৰ্থীসকলে। হিজাব পিন্ধাটো বাধ্যতামূলক ধর্মীয় অনুশীলন নহয়৷ এই ৰায় দিলে কর্নাটক হাইকোৰ্টে। ফলত খাৰিজ হৈ গ’ল হিজাব পিন্ধাটো নিষিদ্ধ কৰাৰ বিপক্ষে হাইকোর্টত দাখিল হোৱা সকলো আবেদন। ইয়াৰ ফলত হাইকোর্টত জয়ী হ’ল ৰাজ্য চৰকাৰৰেই।
উল্লেখ্য, গণ্ডগোলৰ আশঙ্কাত কর্নাটক চৰকাৰে এসপ্তাহৰ বাবে বেঙ্গালুৰু চহৰত বৃহৎ সমাবেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। মেঙ্গালুৰুতো ১৫-১৯ মার্চ পর্যন্ত বন্ধ সকলো বৃহৎ সমাবেশ। হিজাব বিতর্কৰ কেন্দ্রবিন্দু উদুপিত মঙ্গলবাৰে বন্ধ সকলো স্কুল-কলেজ।













