![]()
স্বাস্থ্য প্ৰতিবেদনঃ
অমিত খোৱাৰ সময়ত তাৰ বীজ পেলাই দিয়াটোৱেই নিয়ম। কিন্তু জানেনে, অমিতাৰ গুটিৰ কিমান উপকাৰ? অমিতাৰ গুটি ভিটামিনেৰে ভৰপূৰ। ইয়াত আছে ফছফৰাছ, মেগনেছিয়াম, কেলচিয়ামৰ দৰে জৰুৰী কিছু খনিজ। ই ফ্লেভোনয়েডৰ ভাল উৎস, যিটো হজম শক্তি বৃদ্ধিৰ এক গুৰুত্বপূর্ণ উপাদান।
ক্ষতিকৰ বীজাণু নাশ : অমিতাৰ গুটিত আছে প্রোটিওলাইটিক উৎসেচক, যিয়ে দেহত স্থান লোৱা নানা ক্ষতিকৰ বীজাণুক নাশ কৰে। শৰীৰত প্রোটিন বিপাকত সহায় কৰে৷ লগতে বেক্টেৰিয়াৰ আক্রমণৰ পৰাও শৰীৰক ৰক্ষা কৰে।
লিভাৰৰ সুৰক্ষাত : বিশেষজ্ঞসকলৰ মতে, লিভাৰ ছিৰোছিছত আক্রান্ত ৰোগীসকলৰ ক্ষেত্রত এই গুটি অতি উপকাৰী।
ডেঙ্গি প্রতিৰোধত : এই ৰোগ প্রতিৰোধত অমিতাৰ গুটিৰ উল্লেখযোগ্য ভূমিকা আছে। ডেঙ্গি জ্বৰত আক্রান্ত হ’লেই প্লেটলেট কমিবলৈ আৰম্ভ কৰে। এই সময়ত নিয়মিত অমিতাৰ গুটি আৰু পাত খালে প্লেটলেট পুনৰ স্বাভাৱিক মাত্রালৈ ঘূৰি আহে।
ঋতুস্রাবৰ বিষ কমাবলৈ : ঋতুস্রাবৰ সময়ত অমিতাৰ গুটিৰ সৈতে মৌ মিহলাই খালে বিষ বহুখিনি কম হ’ব।
ওজন কমাবলৈ : অমিতাৰ গুটিৰ সৈতে মৌ মিহলাই খালে পৰিপাক ক্রিয়া ভালে থাকে। হজমৰ সমস্যা থাকিলে এই ঘৰুৱা উপায়েৰে সেয়া দূৰ কৰিব পৰা যায়। হজমশক্তি ভাল হ’লেই ওজন নিয়ন্ত্রণত ৰখা সম্ভৱ।
কেনেদৰে খাব?
অমিতাৰ গুটি সংগ্ৰহ কৰি এক পাত্রত ৰ’দত শুকাই লওক। এইবাৰ সেই বীজবোৰ গুড়ি কৰি এটি কাঁচৰ পাত্রত ভৰাই ৰাখক। এই গুটিৰ সোৱাদ তিতা হয়। যিকোনো চালাড বনোৱাৰ সময়ত এই গুড়ি ব্যৱহাৰ কৰিব পাৰে, পুষ্টিগুণো পাব আৰু তিতাও নালাগিব।













