নিউজ ডেস্কঃ
গুৱাহাটী মহানগৰী গাড়ীগাঁৱৰ কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়ক গ্ৰেপ্তাৰ।
দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্ত লম্পটৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে পানবজাৰ মহিলা আৰক্ষী থানাই।লম্পট ধর্ষণকাৰীক লুকুৱাই ৰখা লগতে পলুৱাত সহায় কৰা অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰা ভিতৰত আছে দুগৰাকী মহিলা ।পানবজাৰ মহিলা থানা গোচৰত গ্ৰেপ্তাৰ আইজুল হক (২৪), অভিজিৎ মজুমদাৰ(২৩), চাদাম হুছেইন(৩০), ফিৰোজ আলি(৪৮), আৰিফ আলি(৩৫), মিৰ্জা বেগম(৪৮), নেহা বেগম(২২)।
উল্লেখ্য যে ৮মার্চ পৰা অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পয্যন্ত লাভ কৰা নাই সন্ধান।গুৰুত্বপূৰ্ণ কথা যে দশমশ্রেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক আদাবাৰী এখন হোটেলত ৫লম্পটে দলবদ্ধ ধর্ষণ কৰা অভিযোগ তুলি পৰিয়ালে পানবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰিছিল।
কিশোৰী পৰিয়ালৰ এজাহাৰ মতে অভিযুক্ত কেইটা বিকি আলি(২২), ফাইজুল আলি, পোনা আলি, পিংকু আলি আৰু ৰাজা আলি।ইফালে পানবজাৰ মহিলা আৰক্ষী থানাত এই সন্দৰ্ভত ১৯/২২ নম্বৰত ৰুজু হৈছে গোচৰ।আনহাতে সোমবাৰে গ্ৰেপ্তাৰ কৰা ৭ পৰিয়ালৰ সদস্য-বন্ধু বিৰুদ্ধে ইউ এছ ৩৭৬(ডি), আই পি চি আৰ/ডব্লিউ ৬ পিঅচিএছঅ আইন আৰ/ডব্লিউ ৬৭(বি) আই টি এক্ট ধাৰা সংলগ্ন কৰা হৈছে।
তাপৰ্যপূৰ্ণ কথা যে অভিযুক্ত বিকি আলিৰে কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল।কিশোৰী গৰাকীক লম্পট বিকিয়ে ঘৰলৈ নি ধর্ষণ কৰি ভিডি’অ বনাই।পৰৱৰ্তী সময়ত ভিডি’অ ভাইৰেল কৰা ভয় দেখুৱাই হোটেলৰ বন্ধ কোঠৰীত বিকি আৰু অন্য ৪বন্ধুৱে মিলি দলবদ্ধ ধৰ্ষণ কৰিছিল।ইতিমধ্যে আৰক্ষীয়ে কিশোৰী গৰাকী স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।