![]()
নিউজ ডেস্কঃ
এক লোমহৰ্ষক হত্যাকাণ্ডই কঁপাইছে ডিব্ৰুগড়। ডিব্ৰুগড় বিদেশী ন্যায়ধীকৰণৰ এগৰাকী সদস্যৰ দেহৰক্ষী হিচাবে কৰ্মৰত বিকি চেতিয়াই তিনি মহীয়া অন্ত্বঃসত্তা পত্নী জয়শ্ৰী চেতিয়াক শূণ্য দূৰত্বৰ পৰা দুটা গুলী কৰে। এই গুলীৰ এটা জয়শ্ৰীৰ বুকুত লগাৰ বিপৰীতে আনটো গুলী ডিঙিত লাগি ওলাই যায়।
মাজনিশা প্ৰায় ১ টা বজাত ডিব্ৰুগড় সদৰ থানাৰ ৫০ গজ দূৰত্বৰ চৰকাৰী আৱাসত ঘটা এই লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আতংকিত হৈ পৰে ৰাইজ। গুলীৰ শব্দ শুনি ওচৰৰ আৱাসী ওলাই আহি ৰক্তাক্ত শৰীৰে জয়শ্ৰীক বিছনাত দেখাৰ লগতে মাৰণাস্ত্ৰ লৈ স্বামী বিকিক মৃতদেহৰ কাষতে থিয় হৈ থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত বিকি সহ কাৰ্বাইন, দুটা খালী কাৰ্টুজ জব্দ কৰে। আৰু, পত্নী জয়শ্ৰীক অসম মেডিকেললৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।
ওচৰ চুবুৰীয়াই জানিব দিয়া মতে, উক্ত স্বামী-স্ত্ৰীৰ মাজত সন্ধিয়াৰে পৰা কাজিয়াৰ সূত্ৰপাত হৈছিল যদিও দুয়ো এবাৰ ওলাই যায়। তাৰ পিছত নিশা আকৌ মটৰচাইকেলে বিকি চেতিয়া ওলাই গৈছিল যদিও ১ বজাত এই ঘটনাটো সংঘটিত হয়।
আৰক্ষী অধীক্ষক মিশ্ৰাই আইনৰ মতে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। আনহাতে, জয়শ্ৰীৰ পৰিয়াল আৰু প্ৰতিবাদী ৰাইজে দোষীক উচিত ন্যায় দাবী কৰাৰ লগতে বিকিৰ ফাঁচীৰ দাবী জনায়। জয়শ্ৰীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। তিনি বছৰীয়া প্ৰেম-ভালপোৱাৰ পিছত বিগত চাৰি বছৰ পূৰ্বে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। আৰক্ষীয়ে বিকীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে। পুৱাৰে পৰা দুপৰীয়া পৰ্যন্ত উচ্চ পদস্থ আৰক্ষী বিষয়া ঘটনা স্থলীত উপস্থিত নোহোৱাত পৰিৱেশ অধিক উত্তপ্ত হৈ পৰে। অৱশেষত ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ,অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজক আশ্বস্ত কৰে।এজন আৰক্ষী জোৱানে কেনেদৰে নিজৰ চাৰ্ভিচ কাৰ্বাইন কৰ্তব্য সমাপনৰ পাছত নিজ গৃহত ৰাখি পত্নীক হত্যা কৰিলে তাক লৈও বহু প্ৰশ্ন উৎথাপন হৈছে।
কোনো কাৰণতে যাতে হত্যাকাৰী বিকি সাৰি যাব নোৱাৰে তাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ ধাৰা আৰু ২৭(১)অস্ত্ৰ আইনৰ অধীনত ডিব্ৰুগড় সদৰ থানাত১৬১/২০২২ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।













