![]()
নিউজ ডেস্কঃ
প্রতিবেশী দেশ শ্রীলঙ্কাৰ জনগণৰ বাবে নিত্যপ্রয়োজনীয় সামগ্ৰী ক্ৰয় কৰাটোৱেই দুঃসাধ্য হৈ পৰিছে। চীনসহ বহু দেশৰ মাত্ৰাধিক ঋণৰ বোজাত হেঁচা খাই পৰিছে শ্রীলঙ্কাৰ অর্থনীতি। প্রায় দেউলিয়া হোৱাৰ পথত দেশখন। কেৱল বিলাসবহুল পণ্যই নহয়, সাধাৰণ মানুহৰ নিত্য ব্যৱহার্য সামগ্ৰীৰ মূল্যইও আকাশ চুইছে।
পাউৰুটি আৰু আটাৰ মূল্য সর্বোচ্চ পর্যায়ত উপনীত হৈছে। শুক্রবাৰে, ‘অল চিলন বেকাৰী ওনাৰ্ছ এছোচিয়েচনে’ এটি ৰুটিৰ পেকেট অর্থাৎ পাউৰুটিৰ (bread) মূল্য ৩০ LKR বৃদ্ধি কৰিছে আৰু বৰ্তমান এটি পাউৰুটিৰ পেকেটৰ মূল্য ১১০-১৩০ হৈছে শ্রীলঙ্কাৰ মুদ্রা অনুসৰি। এক কেজি গমৰ আটাৰ মূল্য ৩৫ টকা বৃদ্ধি হৈছে।
লঙ্কা ইণ্ডিয়ান অয়েল কর্পোৰেচনে বৃহস্পতিবাৰে মাজনিশা ডিজেলৰ বিক্রয় মূল্য প্রতি লিটাৰত ৭৫ LKR আৰু পেট্র’লৰ মূল্য ৫০ LKR বৃদ্ধি কৰিছে। থ্রি হুইলাৰ আৰু বাছ মালিক সমিতিয়ে জৰুৰী ভিত্তিত ইন্ধনৰ চাবচিদি দাবী কৰিছে। নহ’লে লঙ্কা ইণ্ডিয়ান অয়েল কর্পোৰেচনৰ দ্বাৰা ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত বাছ ভাড়া মাৰাত্মকভাবে বৃদ্ধি পাব।













