![]()
নিউজ ডেস্কঃ
টেষ্ট ক্রিকেটত নতুন ইতিহাস সৃষ্টি ভাৰতৰ উইকেটৰক্ষক ঋষভ পন্টৰ। ভাৰতীয়সকলৰ ভিতৰত টেষ্টত দ্রুততম অর্ধশতৰান কৰে তেওঁ। ভংগ কৰিলে কপিল দেৱৰ ৪০ বছৰীয়া পুৰণি ৰেকর্ড।
বেঙ্গালুৰুত শ্রীলঙ্কাৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত মাত্র ২৮ বলত অর্ধশতৰান কৰে পন্তে। ইয়াৰ পূৰ্বে এই ৰেকর্ড আছিল কপিল দেৱৰ দখলত। ১৯৮২ চনত কৰাচিত পাকিস্তানৰ বিৰুদ্ধে ৩০ বলত অর্ধশতৰান কৰিছিল কপিল দেৱে। ৪০ বছৰ ধৰি উক্ত ৰেকর্ড অক্ষত থকাৰ পিছত এইবাৰ সেই ৰেকৰ্ডৰ অধিকাৰী হ’ল পন্ট।













