![]()
নিউজ ডেস্কঃ
ইউক্রেইন আক্ৰমণৰ গতি ক্ৰমাৎ বৃদ্ধি কৰিছে ৰাছিয়াই। পশ্চিম প্রান্তত লুভিভৰ সেনা ছাউনিত বিমান আক্ৰমণত ৩৫ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰ মাজতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে জনাইছে, মানৱিক কৰিডৰ (হিউমেনিটাৰিয়ান কৰিডৰ) ব্যৱহাৰ এই পর্যন্ত এক লাখ ২৫ হাজাৰ ইউক্রেইনবাসীক নিৰাপদ স্থানলৈ আঁতৰাই নিবলৈ তেওঁলোক সক্ষম হৈছে। আনহাতে, পোপ ফ্রান্সিছে অবিলম্বে ইউক্রেইনত গণহত্যা বন্ধ কৰাৰ আবেদন জনাইছে।
ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণৰ ১৮ দিন পাৰ কৰিলে। ৰাজধানী কিভ চাৰিওফালৰ পৰা ঘেৰি ধৰি ক্রমশ ৰাজধানী দখলৰ দিশে আগবাঢ়িছে ৰুছ বাহিনী। এখনৰ পিছত আনখন বিভিন্ন চহৰত বাঢ়িছে ৰাছিয়াৰ যুদ্ধ বিমানৰ আক্ৰমণ। ইউক্রেইন-পোলেণ্ড সীমান্তৰ লুভিভ প্রদেশৰ এটি সেনা ছাউনিত ৰাছিয়াৰ যুদ্ধ বিমানে আক্ৰমণ চলায়। তাত প্ৰায় ৩৫ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহত হৈছে শতাধিক।













