![]()
স্বাস্থ্য প্ৰতিবেদনঃ
ডায়েবেটিছ ৰোগীসকলে ৰঙালাও খাব পাৰেনে? কি কয় চিকিৎসা বিজ্ঞানে? ডায়েবেটিছ ৰোগীসকলে কি খাব পাৰে কি খাব নোৱাৰে তাৰ বহুখিনিয়েই নির্ভৰ কৰে সংশ্লিষ্ট খাদ্যবিধৰ ৰক্তত শর্কৰাৰ মাত্রাৰ ওপৰত কিমান প্রভাৱ পেলায় তাৰ ওপৰত। এই বিষয়টি সাধাৰণতে ‘গ্লাইচেমিক লোড’ আৰু ‘গ্লাইচেমিক ইনডেক্স’ নামৰ দুটি বিষয়ৰ ওপৰত ভিত্তি কৰি নির্ধাৰণ কৰা হয়।
এবিধ নির্দিষ্ট পৰিমাণৰ খাদ্যত কিমান শর্কৰা আছে সেয়া জোখা হয় গ্লাইচেমিক লোডৰ জৰিয়তে। বিশেষজ্ঞসকলৰ মতে, যিবোৰ খাদ্যৰ গ্লাইচেমিক লোডৰ মান দহৰ কম উক্ত খাদ্যবোৰে ৰক্তত শর্কৰাৰ মাত্রা বৃদ্ধি কৰে নামমাত্র। আনহাতে, গ্লাইচেমিক ইনডেক্সে জনাই দিয়ে যিকোনো এবিধ খাদ্যই ৰক্তত শর্কৰাৰ মাত্রা কিমানখিনি বৃদ্ধি কৰিব পাৰে।
অৱশ্যে গ্লাইচেমিক ইনডেক্সে যিহেতু খাদ্যৰ মুঠ পৰিমাণ নির্দেশ নকৰে, সেয়ে সাধাৰণতে ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্রত কোনবিধ খাদ্য কিমান উপযোগী সেয়া বুজিবলৈ গ্লাইচেমিক লোড অতি বেছি নির্ভৰযোগ্য মাপকাঠি।
ৰঙালাওৰ গ্লাইচেমিক ইনডেক্স ৭৫, যিটো বহুখিনি বেছি। কিন্তু ৰঙালাওৰ গ্লাইচেমিক লোড মাত্র ৩। গতিকে অলপ পৰিমাণত ৰঙালাও খালে ৰক্তৰ শর্কৰাৰ মাত্রা খুব বেছি হেৰফেৰ হোৱাৰ সম্ভাৱনা কম। কিন্তু বেছি পৰিমাণত ৰঙালাও খালে হঠাৎ বাঢ়ি যাব পাৰে ৰক্তত শর্কৰাৰ মাত্রা।













