![]()
নিউজ ডেস্কঃ
ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি।পিতৃ-কন্যাক দাৰে আক্ৰমণ দিলীপ সিং ওৰফে গুদু নামৰ এগৰাকী ভূ-মাফিয়া।আজি বিয়লি প্ৰায় ৪মান বজাত সংঘটিত হয় এই কৰুণ ঘটনাটো।ধৃত গুদু দাৰ ঘাপত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে পিতৃ-কন্যা।
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা আহত পিতৃ-কন্যা হৈছে সত্যব্ৰত ভঁৰালী(৫২) আৰু মৌচুমী ভঁৰালী(১৮)।পল্টনবজাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে হাত-মূৰকে ধৰি বহু কেইটা স্থানত গুদুৱে আঘাট কৰিছে দুয়োকে।ইফালে ঘটনা সংঘটিত কৰা পাছতেই ভূ-মাফিয়া গুদুক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।বিৰুবাৰী ৰামকৃষ্ণ মিছনৰ সমীপত সংঘটিত হৈছে এই ঘটনা।
গুৰুত্বপূৰ্ণ কথা যে আক্ৰমণকাৰী দিলীপ সিঙৰ ঘৰ বিহাৰত।মাটি-বাৰী সীমা বিবাদৰ বাবে দীৰ্ঘদিন পৰা সংঘাত সংঘটিত হৈ আহিছিল।তাৰে পৰিণতি স্বৰূপে আজি কিবা কথা আলোচনা কৰি থাকোতেই আক্ৰমণ কৰা বুলি কয় আৰক্ষী সূত্ৰটোৱে।













