![]()
নিউজ ডেস্কঃ
পঞ্জাবত প্রথমবাৰৰ বাবে ক্ষমতা দখল আপৰ। ইয়াৰ পিছতেই এইবাৰ দৃষ্টি গুজৰাটত। চলিত বছৰৰ ডিচেম্বৰত গুজৰাটত বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে এইবাৰ দল গঠনৰ কাম আৰম্ভ কৰি দিলে কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে।
আম আদমি পার্টিৰ গুজৰাটৰ তত্ত্বাৱধায়ক গুলাব সিঙে কয়, ‘পঞ্জাবৰ ফলাফলে গুজৰাটত আমাৰ পার্টিৰ কেডাৰসকলক অনুপ্রাণিত কৰিছে। গুজৰাটত বিজেপিৰ বিৰুদ্ধে প্রধান প্রতিদ্বন্দ্বী হৈ উঠিবলৈ ৯ মাহৰ ভিতৰতেই আমি কাম কৰিব। বিগত ২৭ বছৰ ধৰি ইয়াৰ জনসাধাৰণে কংগ্রেছক প্রত্যাখ্যান কৰিছে। পঞ্জাবৰ এই বিজয়ে ৰাজ্যখনৰ সমর্থকসকলক এক নতুন আশা দিব।’
তেওঁ লগতে জনায়, ‘পঞ্জাবৰ বিজয় উদযাপন কৰিবলৈ কেজৰিৱাল আৰু ভগৱন্ত মান এপ্রিলৰ প্রথম সপ্তাহতে গুজৰাটলৈ আহিব। আৰু তাৰ পূৰ্বে ১৬ মার্চ পর্যন্ত গুজৰাটৰ প্রতিটো ৱার্ডত বিজয় সমদল উলিয়াব আপে। আমি কংগ্রেছৰ পতনৰ বিষয়ত আত্মবিশ্বাসী।’
উল্লেখ্য, উত্তৰ প্রদেশ আৰু উত্তৰাখণ্ডত প্রথমবাৰৰ বাবে নিৰ্বাচন খেলিছিল আপে।
অৱশ্যে তাত ফলাফল ভাল নহয়। তাৰ মাজতে গোৱাত দ্বিতীয়বাৰ নিৰ্বাচন খেলি খাতা খুলিছে আপে। উল্লেখ্য, গুজৰাটৰ বহুকেইটা পৌৰ নির্বাচনতো ভাল ফল দেখুৱাইছে আপে। চুৰাটত লাভ কৰিছে বিৰোধী দলৰ সন্মান। সেয়ে এইবাৰ ৰাজ্যখনৰ প্রতিটো চুকতে সংগঠন বিস্তা ৰকৰিব বিচাৰিছে তেওঁলোকে।
আনহাতে, গুজৰাটৰ আসন্ন বিধানসভা নির্বাচনৰ ৰণশিঙা বজাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শুক্রবাৰৰ পিছত শনিবাৰেও তাত ৰোড শ্ব’ত অংশগ্ৰহণ কৰে তেওঁ। তেনে পৰিস্থিতিতে এইবাৰ গুজৰাটত ঝাড়ু ধুমুহা আৰম্ভ কৰি দিলে আপে।













