![]()
নিউজ ডেস্কঃ
চলি আছে পশ্চিমবংগৰ মাধ্যমিক বোৰ্ড পৰীক্ষা৷ শুক্রবাৰে ইতিহাস বিষয়ৰ পৰীক্ষা দিবলৈ গৈ অসুস্থ হৈ পৰে বীৰভূমৰ মাড়গ্রাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষার্থী ঝুমা খাতুন।
প্রসৱ বেদনা আৰম্ভ হয় তেওঁৰ। মল্লাৰপুৰ অম্বা হাইস্কুলত পৰীক্ষা দিছিল ঝুমাই। তাত পৰীক্ষা শেষ কৰিয়েই ৰামপুৰহাট মেডিকেল কলেজ হস্পিটেলত ভর্তি হয় তেওঁ। শুক্রবাৰে মাজনিশা মাতৃ হয় ২০ বছৰীয়া যুৱতীগৰাকী। জন্ম দিয়ে এটি পুত্র সন্তানৰ। কিন্তু উক্ত পৰিস্থিতিতো পৰীক্ষা দিবলৈ বিচাৰে তেওঁ। তেওঁৰ আগ্রহ আৰু উৎসাহ দেখি হস্পিটেলতেই পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰে স্কুল কর্তৃপক্ষই।
কোলাত সদ্যোজাতক লৈয়ে পৰীক্ষাত বহে ঝুমা। তেওঁ জনায়, ‘‘নিজেই পৰীক্ষা দিবলৈ বিচাৰি আবেদন কৰিছিলো। পৰীক্ষাত বহিবলৈ পাই অতি আনন্দিত।’’ ঝুমাৰ পিতৃয়ে জনায়, ‘‘আৰু পঢ়া-শুনা কৰিব বিচাৰে তেওঁ। এই শাৰীৰিক অৱস্থাৰ মাজেৰে নিজে পৰীক্ষা দিবলৈ বিচাৰে। সেয়ে সকলোৱে সহায় কৰিছে।’’













