![]()
নিউজ ডেস্কঃ
যুদ্ধক্ষেত্র নহয়, এইবাৰ ৰুছ সেনাবাহিনীৰ আক্রমণৰ লক্ষ্য হৈছে ইউক্রেইনৰ নাগৰিকসকলৰ ওপৰত। অভিযোগ, উদ্দেশ্যপ্রণোদিতভাবে হস্পিটেল, স্কুল, দোকান-বজাৰৰ ওপৰত ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে পুটিনৰ সেনাই। উপৰ্যুপৰি বোমা পেলাইছে চহৰবাসীৰ ওপৰত। আহত হৈছে বহু সাধাৰণ লোক। ৰাস্তাতেই মৃত্যু হৈছে বহুতৰে। এই অভিযোগ ইউক্রেইনৰ।
ইউক্রেইনৰ দাবী, ৰাছিয়াৰ নতুন কৌশল হৈছে নাগৰিকসকলৰ ওপৰত আক্রমণ কৰি প্রশাসনৰ চাপ বৃদ্ধি কৰা। ইতিমধ্যে খাদ্য আৰু পানীয়ৰ সমস্যা, নিবনুৱাৰ সমস্যা আৰম্ভ হৈ গৈছে জেলেনস্কিৰ দেশত।
সংবাদ সংস্থাৰ দাবী, শুক্রবাৰেই ৰুছ বাহিনীৰ এই নতুন কৌশলৰ প্রমাণ পোৱা গৈছে। এটি জোতাৰ কাৰখানা, এখন মানসিক হস্পিটেল আৰু বহু মহলীয়া আবাসনত বোমা পেলাইছে ৰুছ সেনাই। তাৰ ফলত বহু নাগৰিক হতাহতৰ খবৰ পোৱা গৈছে। আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনে জনাইছে, এনেদৰেই ইউক্রেইনৰ ওপৰত নতুন পদ্ধতিৰে চাপ সৃষ্টি কৰিছে ৰাছিয়াই।
ৰাষ্ট্রসংঘই জনোৱা মতে, উত্তৰ-পশ্চিম ইউক্রেইনৰ ডিনিপ্রোত এখন কিণ্ডাৰগার্টেন স্কুল, এটি অট্টালিকা আৰু দুমহলীয়া জোতাৰ কাৰখানাৰ ওপৰতো ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ খবৰ পোৱা গৈছে। ইউক্রেনৰ দাবী, ইয়াৰ ফলত অতিকমেও ৫৬৪ সাধাৰণ নাগৰিক নিহত হৈছে। জনবহুল এলেকাত ৰুছ সেনাৰ আক্রমণত গুৰুতৰভাৱে আহত হৈছে ৯৮২ জন।
মাৰিয়োপোলৰ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ যে, চহৰখনৰ মেয়ৰে দাবী কৰিছে যে ৰাস্তাত পৰি থকা মৃতদেহ গণনা কৰাই অসম্ভৱ হৈ পৰিছে। কাৰণ ৰুছ সেনাৰ বোমা আৰু ক্ষেপণাস্ত্র নিক্ষেপত কোনো বিৰতি নাই। মেয়ৰগৰাকীৰ উপদেষ্টা পিঅ’ত্র আন্দ্রিউশেঙ্কাৰে কয়, ‘‘ৰাছিয়াই আমাৰ সৈতে যি কৰিছে, সেয়া বর্ণনাৰ বাবে কোনো শব্দ আৱিষ্কাৰ হোৱা নাই।’’













