![]()
মনোৰঞ্জনঃ
“নেটফ্লিক্স” ত উপলব্ধ কেইখনমান অসমীয়া ছবি হৈছে ক্ৰমেঃ
কথানদীঃ জোনাকৰ তলত পাটিত বহি আইতাকৰ মুখৰ পৰা সাধু শুনাৰ যি এক সুকীয়া আমেজ সেয়া প্ৰায় শিশুৱে বিচাৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় “বুঢ়ী আইৰ সাধু” হৈছে কোনো এটা শিশু পঢ়িব জনা হোৱা পিছৰ প্ৰথমখন সাধু কিতাপ। বৰ্তমানেও প্ৰত্যেকটো শিশুৰ বাবে “বুঢ়ী আইৰ সাধু” জনপ্ৰিয়। “বুঢ়ী আইৰ সাধু” ত সন্নিৱিষ্ট থকা ৪ টা সাধুৰ কাহিনীৰে ভাস্কৰ হাজৰিকা তথা অনুৰূপা হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত হৈছিল “কথানদী”।
১১৫ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ২০১৬ বৰ্ষৰ ১৬ চেপ্তেম্বৰ তাৰিখত মুক্তি লাভ কৰে। সীমা বিশ্বাস, আদিল হুচেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত,কপিল বৰা, আশা বৰদলৈৰ লগতে বহু ন-পূৰণিৰ শিল্পীৰ সমাহেৰেৰে “কথানদী” আছিল ২০১৬ বৰ্ষৰ এখন সফল ছবি।
তেজীমলা,চম্পাৱতী, ঔ-কুঁৱৰী আৰু তাৱৈয়কৰ সাধু আদি জনপ্ৰিয় ৪ টা সাধুৰ কাহিনীৰ থকা “কথানদী” ৰ শ্বুটিং চলিছিল অসমৰ মাজুলী আৰু দেৰগাঁৱত।চাৰিটা সাধুৰ এখন জীয়া ছবি দৰ্শকক দিয়াৰ চেষ্টা কৰিছিল ছবিখনে। চৰিত্ৰ সমূহৰ নিঁখুট অভিনয়ে ছবিখনৰ মানদণ্ড আৰু অধিক ওপৰলৈ তুলি নিছে। তেজীমলাক মাহীমাকে দিয়া অসহনীয় কষ্ট-যন্ত্ৰণা, গৰ্ভপাত কৰা ঔ-টেঙা এটাক লৈয়ে কৰা জীৱন নিৰ্বাহ, চম্পাৱতীয়ে এডাল অজগৰক নিজ স্বামী জ্ঞান কৰি সংসাৰ কৰা, তাৱৈয়েকৰ কথানুসৰি নিজ পুত্ৰক জীৱন্তে পুঁতি থোৱা আদি একোটা কাল্পনিক কাহিনীক অসাধাৰণ ৰূপত দৰ্শকৰ মাজত এৰি দিছিল পৰিচালক ভাস্কৰ হাজৰিকাই।
মাজ ৰাতিৰ কেতেকীঃ সাধাৰণতে, সকলো মুক্তিপ্ৰাপ্ত ছবিয়ে জনসাধাৰণৰ মন মগজুত স্থিতি লাভ নকৰে। কিন্তু ইয়াৰ ভিতৰত এনে কিছুমান ছবিয়ো আছে যিয়ে মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকক আকৰ্ষিত কৰিবলৈ লয়। ছবিখনৰ কাহিনী সৰল অথচ সাধাৰণ হ’লেও ছবিখনে দৰ্শকৰ মনমগজুত স্থিতি লাভ কৰে।
এনে ছবিসমূহৰ ভিতৰতেই উল্লেখযোগ্য ছবি এখন হৈছে “মাজ ৰাতিৰ কেতেকী”। ২০১৭ বৰ্ষত সান্তনা বৰদলৈৰ পৰিচালনাৰে মুক্তি লাভ কৰা এই ছবিখনে এক বহল সংখ্যাত দৰ্শকৰ পৰা লাভ কৰিছিল সহাঁৰি। ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, ছাকিল ইমতিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই।
ভিলেজ ৰকষ্টাৰঃ চিনেমা নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ দ্বাৰা পৰিচালিত ভিলেইজ ৰকষ্টাৰ হৈছে তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিখন চিনেমাগৃহত মুক্তি লাভ কৰিছিল ২০১৮ চনৰ ২ চেপ্তেম্বৰত। কামৰূপ জিলাৰ ছয়গাঁৱৰ এখন গাঁৱৰ বাসিন্দা ধুনু আৰু তাইৰ সপোনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল উক্ত চিনেমাখন। ভিলেজ ৰকষ্টাৰে দৰ্শকক মোহিত কৰা প্ৰধান আৰু বিশেষ কাৰণটো আছিল তাত থকা জীৱনৰ এটুকুৰা স্বাভাৱিক ছবিৰ পৰিদৰ্শন।
বুলবুল কেন চিংঃ বুলবুল কেন – ৰীমা দাসৰ দ্বাৰা পৰিচালিত বহু প্ৰত্যাশিত ছবি “বুলবুল কেন চিং” মুক্তি লাভ কৰিছিল ২০১৮ চনত।ছবিখনৰ কাহিনীভাগ তিনিগৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত হোৱা মুখামুখিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।“বুলবুল কেন চিং” ত অভিনয় কৰিছে অঞ্জলী দাস, বণিতা ঠাকুৰীয়া, মনোৰঞ্জন দাস, মনোৰঞ্জন দাস আৰু পাকিজা বেগমে।













