![]()
মনোৰঞ্জনঃ
বলীউডৰ অভিনেত্ৰী সোণালী বেন্দ্ৰে অলপতে কৰ্কট ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত কামলৈ উভতি আহিছে আৰু নৃত্য ৰিয়েলিটি শ্ব’ ‘ডিআইডি লিটল মাষ্টাৰ্ছ’ ত বিচাৰক হিচাবে তেখেতক দেখিবলৈ পোৱা গৈছে।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া এটা সাক্ষাৎকাৰত কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজৰ বিষয়ে প্ৰকাশ কৰি কৈছিল যে, তেওঁ এই মাৰাত্মক ৰোগৰ পৰা আৰোগ্য হোৱাৰ পিছত ঘৰলৈ উভতি অহাৰ বাবে নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে।
বিগত ২০১৮ চনত, সোণালী বেন্দ্ৰেয়ে জানিব পাৰিছিল যে তেওঁৰ মেটাষ্টেটিক কৰ্কট ৰোগ আছে, যাৰ চিকিৎসাৰ বাবে তেওঁ বিদেশলৈ গৈছিল। আৰোগ্য হোৱাৰ পিছত, তেওঁ ভাৰতলৈ উভতি আহিছিল কিন্তু ফিটনেছ আৰু স্বাস্থ্যৰ বাবে বহুদিন কামৰ পৰা আঁতৰি আছিল। এক সাক্ষাৎকাৰ যোগে হোৱা কথা-বতৰাত সোণালীয়ে কৈছিল যে “মই কেৱল কৃতজ্ঞ যে মই ঘূৰি আহিছোঁ, কৃতজ্ঞ যে মই মোৰ সন্তানক ডাঙৰ হোৱা দেখিবলৈ সক্ষম হৈছোঁ, আৰু কৃতজ্ঞ যে মই মোৰ পিতৃ-মাতৃৰ বাবে ইয়াত আছোঁ। আৰু মই কৃতজ্ঞ কেৱলমাত্ৰ উভতি অহাৰ বাবেই নহয়, ইয়াৰ বাবেও মই কৃতজ্ঞ যে এতিয়া ছেটলৈ গৈ ১২ ৰ পৰা ১৮ ঘণ্টা কাম কৰিবলৈ মই স্বাস্থ্যৱান।”
অভিনেত্ৰীগৰাকীক তেওঁৰ স্বামী তথা চলচ্চিত্ৰ নিৰ্মাতা গোল্ডি বেহলেও কামলৈ উভতি অহাৰ বাবে সম্পূৰ্ণ সমৰ্থন জনাইছিল, স্বামীক ধন্যবাদ জনাই সোণালীয়ে কয় যে, “তেওঁ মোক দীৰ্ঘদিন ধৰি এইটো কৰিবলৈ কৈয়ে আহিছিল। মই যদি ঠিকে আছোঁ তথা স্বাস্থ্যৱান হৈ আছোঁ তেতিয়াহ’লে তেওঁ মোক কামলৈ উভতি যাবৰ বাবে উৎসাহিত কৰিছিল।”













