![]()
নিউজ ডেস্কঃ
ভঙাগড় আৰক্ষী থানাত জোঁৱানৰ মৃত্যু।যান-বাহন শাখাৰ আৰক্ষী বিপ্লৱ কুমাৰ সিংহা নামৰ জোঁৱান গৰাকী শুই থকা অৱস্থাতে আকস্মিক বিয়োগ।বৃহস্পতি বাৰে নিশা শুই থকা অৱস্থাত মৃত্যুক সাৱটি লয় জোঁৱান গৰাকীয়ে।প্ৰাপ্ত খবৰ মতে বৃহস্পতিবাৰে নিশা কৰ্তব্যৰত অৱস্থাতে শুই পৰিছিল জোঁৱান গৰাকী।
তাৰ পৰৱৰ্তী সময়ত সতীৰ্থই বহুবাৰ ফোন কৰিও ফোনত সঁহাৰি পোৱা নাছিল জোঁৱান গৰাকী।পৰৱৰ্তী সময়ত শোৱাপাৰ্টীতেই মৃত অৱস্থাত উদ্ধাৰ কৰা হয় জোঁৱান গৰাকীক।বর্তমান মৰুণোত্তৰ পৰীক্ষা বাবে জোঁৱান গৰাকী নশ্বৰদেহ নিয়া হৈছে।উল্লেখ্য যে মৃত জোঁৱান গৰাকী ঘৰ বঙাইগাঁও অভয়াপুৰীত।













