![]()
নিউজ ডেস্কঃ
মানৱ সমাজক লজ্জিত কৰা জঘন্যকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত।পাঁচটা নৰপিশাচৰ দলবদ্ধ কামনা বলি এগৰাকী ১৬বছৰীয়া কিশোৰী।
অসহায় কিশোৰী গৰাকী দুৰ্বৃত্ত দলটোৱে দলবদ্ধ ধৰ্ষণ কৰি ভিডি’অ বনোৱা অভিযোগ পৰিয়ালৰ।ইতিমধ্যে ভুক্ত ভোগী কিশোৰী গৰাকী পৰিয়ালে পানবজাৰ মহিলা থানাত দাখিল কৰিছে এজাহাৰ।পানবজাৰ মহিলা আৰক্ষী থানাত পৰিয়ালে দাখিল কৰা এজাহাৰ অনুসৰি এটা বন্ধ কোঠাত পাঁচ দুৰ্বৃত্তই মিলি দলবদ্ধ ধৰ্ষণ কৰি ভিডি’অ বনাইছিল কিশোৰী গৰাকী।
ইতিমধ্যে কিশোৰী পৰিয়ালৰ এজাহাৰ ভিত্তিত পানবজাৰ মহিলা আৰক্ষী থানাত 19/22 নম্বৰত গোচৰ ৰুজু হৈছে।গোচৰটোত US 376(D) IPC RW SEC. 6 POSCO ACT/RW 67(B) IT ACT’ৰ ধাৰা সংলগ্ন কৰা হৈছে।ইফালে আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।বর্তমান আটাইকেইটা অভিযুক্ত পলাতক হৈ আছে।













