![]()
নলবাৰীঃ
বিহু অসমীয়াৰ পৱিত্ৰ অনুষ্ঠান । বিহু জাতীয় সাংস্কৃতিৰ আধাৰ । বিহু অসমীয়া জাতিৰ প্ৰাণ ।
বিহুৰ শক্তি কি, বিহুৰ ভক্তি কি, বিহুৰ পৱিত্ৰতা কি, বিহুৰ মাজত থকা মৰমৰ তানক জানিব লাগিব । কিন্তু বহু সময়ত আমি বিহুৰ পৱিত্ৰতা ৰক্ষা কৰিব নোৱৰাটো আমাৰ বাবে অতি পৰিতাপৰ বিষয় । টিহুৰ জাতীয় বিদ্যালয়ত ১০ মাৰ্চৰপৰা হোৱা এমহীয়া বিহু নাচ আৰু জেং বিহু নাচ প্ৰশিক্ষণ শিৱিৰ উদ্বোধন কৰি দিয়া ভাষণ প্ৰসংগত এই মন্তব্য আগবঢ়ায় টিহুৰ বিশিষ্ট নাট্য– সাংস্কৃতিকব্ৰতী কুমুদ ভট্টাচাৰ্যই ।

তেওঁ কয় যে, কোনো প্ৰতিযোগিতাত বঁটা বাহন লাভৰ আশাৰে বিহু নাচৰ প্ৰশিক্ষণ ল’ব নালাগে । বিহুক মৰ্মে মৰ্মে উপলব্ধি কৰি এনেধৰণৰ প্ৰশিক্ষণবোৰৰদ্বাৰা সাম্প্ৰতিক বতাহত উৰি ফুৰা জাতীয় ক্ষয়িষ্ণু পৰিৱেশক প্ৰত্যাহ্বান জনাব লাগিব । টিহুৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিৱিৰৰ কাৰ্যসূচীৰ সূচনা কৰে জনপ্ৰিয় সংগীত শিল্পী আৰু প্ৰবীণ ঢুলীয়া হেমন্ত তালুকদাৰে ।
অনুষ্ঠানত টিহু জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকাই শুভেচ্ছামূলক ভাষণ প্ৰদানেৰে সকলো শিক্ষাৰ্থী আৰু অভিভাৱকক বিহু শুদ্ধ ৰূপত শিকি আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰি অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক হাতে কামে কেনেদৰে শিকোৱা হয় সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায় ।
৫ বছৰ বয়সৰপৰা ওপৰৰ বয়সৰ ছোৱালী, মহিলাৰ বাবে ১০ এপ্ৰিললৈ অবিৰতভাৱে হ’বলগীয়া এই প্ৰশিক্ষণ শিৱিৰত কুইনি শিখা বৰা, হিমাশ্ৰী দাস, সঞ্জীৱ ৰাজবংশী, ভৱেন ৰাজবংশী আৰু সীমান্ত মেধিয়ে বিহু নাচ আৰু জেং বিহু নাচৰ প্ৰশিক্ষণ দিব । এই শিৱিৰত টিহু অঞ্চলৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশ লৈছে ।













