![]()
নিউজ ডেস্কঃ
ভাৰতীয় বেডমিন্টন দলৰ প্ৰশিক্ষকৰ পদ এৰিবলৈ আগবাঢ়িছে পুল্লেলা গোপীচন্দ। বিগত ১৫ বছৰ ধৰি ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক আছিল তেওঁ। এইবাৰ ‘বেডমিন্টন এছোচিয়েচন অব ইণ্ডিয়া’ৰ সচিব পদত নিৰ্বাচন খেলিব বিচাৰে গোপীয়ে। সেয়ে তেওঁ এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।
গোপীচন্দ প্রশাসনলৈ যোৱাৰ ইচ্ছা প্রকাশ কৰাৰ পিছত প্রথমে বেডমিন্টন সংস্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক জনায়। তেওঁ সঁহাৰি দিয়া বুলি খবৰ। হিমন্ত বিশ্ব পুনৰবাৰ সভাপতি হিচাবে মনোনীত হ’ব বুলি জানিব পৰা গৈছে। বেডমিন্টন সংস্থাৰ নির্বাচনৰ বাবে মনোনয়ন জমা দিয়া হ’ব ৯-১১ মার্চৰ ভিতৰত। ২৫ মার্চত নির্বাচন। গোপীচন্দৰ বিৰুদ্ধে নির্বাচনত কোনেও প্রতিদ্বন্দ্বিতা নকৰিব পাৰে বুলিও খবৰ।













