![]()
নিউজ ডেস্কঃ
দিল্লীৰ বাহিৰত অন্য ৰাজ্যত এই প্রথম বিজেপি আৰু কংগ্রেছক তীব্ৰ প্ৰত্যাহ্বান জনোৱা জনোৱা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱাল বিগত কেইবা মাহ ধৰি একেৰাহে খবৰৰ শিৰোনামত। বিজেপি, কংগ্রেছ, আকালি দল— পঞ্জাবৰ নিৰ্বাচন ক্ষেত্ৰত যুঁজ সহজ নাছিল। তথাপি এক্সিট প’লৰ প্ৰতিটো সমীক্ষাত পঞ্জাবত আগবাঢ়ি আছিল আপ।
দিল্লীৰ শাসন ক্ষমতালৈ আহি সীমিত সাধ্য সত্ত্বেও ৰাজধানীৰ মানুহক সেৱা আগবঢ়াই আহিছে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। তেওঁৰ আমোলতেই আৰম্ভ হৈছে দিল্লীৰ বিভিন্ন এলেকাত ‘মহল্লা ক্লিনিক’। য’ত প্ৰতি দেওবাৰে এইমছৰ চিকিৎসকে ৰোগীক সেৱা আগবঢ়ায়। বিদ্যুতৰ মাহিলি খৰচৰ ফালেও দৃষ্টি দিছিল মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে। দিল্লী মডেলৰ ওপৰত ভিত্তি কৰিয়েই পঞ্জাব দখল কৰিব বিচাৰিছিল তেওঁ। তেওঁৰ ভবিষ্যতৰ ‘ৰোডমেপ’ হৈছে, ইয়াৰ পিছত তেওঁ অভিযান চলাব তেওঁৰ নিজ গৃহ ৰাজ্য হাৰিয়ানাত।
সদায়ে কংগ্রেছ আৰু শিৰোমণি আকালি দলৰ ‘শক্তিশালী ঘাটি’ পঞ্জাব। কিন্তু এইবাৰ পঞ্জাবৰ ভোটযুদ্ধ আছিল আৰু বেছি কঠিন, আৰু বেছি জটিল। বিজেপি-পিএলচিৰ পৰা আকালি-বিএছপি জোট— বিনাযুদ্ধে সূচ্যগ্র মেদিনী এৰিবলৈ কোনো ৰাজী নহয়। কিন্তু সকলোকেকে চেৰ পেলাই শেষ হাঁহি মাৰিলে কেজৰিৱালৰ আপে।













