![]()
নিউজ ডেস্কঃ
ঘটনাটো পশ্চিমবঙ্গৰ দক্ষিণ ২৪ পৰগণাৰ। বিগত পাঁচ বছৰ ধৰি নিজৰ জীয়ৰীকে ধর্ষণ কৰি আহিছে পিতৃয়ে। কিন্তু সকলো জানিও মুখ বন্ধ কৰি ৰাখিছিল মাতৃয়ে। খবৰ যাতে বাহিৰত প্রকাশ নাপায়, তাৰ বাবে চৰম পদক্ষেপ লৈছিল তেওঁ। অৱশেষত পোহৰলৈ আহে সেই ঘটনা। নির্যাতিতা নৱম শ্রেণীত পঢ়ে।
মঙ্গলবাৰে বিয়লি হঠাৎ কান্দি-কাটি থানাত উপস্থিত হয় তেওঁ। তাত আৰক্ষীৰ আগত জনায় যে বিগত পাঁচ বছৰি এই কাণ্ড কৰি আহিছে তেওঁৰ পিতৃয়ে। মাতৃ আৰু তেওঁ ইয়াৰ প্রতিবাদ কৰাত মাৰধৰ কৰিছিল। প্রাণে মৰাৰ ভাবুকিও দিছিল। ভয়তে ইমান দিনে কাকোৱে একো কোৱা নাছিল। যাতে গর্ভৱতী নহয়, তাৰ বাবে গর্ভ নিৰোধক ঔষধ দিছিল মাতৃয়ে।
অৱশেষত সকলো সহ্যৰ সীমা অতিক্ৰম কৰাত মঙ্গলবাৰে নিজেই থানালৈ গৈ সকলো খুলি কয়। সেই কথা শুনি কিশোৰীগৰাকীৰ মাতৃক আৰক্ষীয়ে মাতি পঠায়। সকলো কথা স্বীকাৰ কৰে তেওঁ। মাক–জীয়েকক সহায়ৰ আশ্বাস দিয়ে আৰক্ষীয়ে। পিতৃৰ বিৰুদ্ধে লিখিত অভিযোগ জনায় তেওঁলোকে। তাৰ পিছতেই গ্রেপ্তাৰ কৰা হয় অভিযুক্তক। জেৰাত সকলো স্বীকাৰো কৰিছে।













