![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: ৰজাপথাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ত কালিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চলি থকা কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ 34 সংখ্যক ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি সফল সামৰণি পৰে। কাৰ্যসূচী অনুসৰি আজি পুৱা সন্থাৰ সভানেত্ৰী লাংটুইপী ৰংপিপীয়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত সন্থাৰ শিক্ষামূলক আলোচনী লʼকিমʼ আৰু স্মৃতিগ্ৰন্থ ৰংতেপ্লঙৰ শুভ উন্মোচন কৰা হয়।
ইয়াৰ পিছতে লাংটুইপী ৰংপিপীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ ভূমিকাতো কঠোৰ সমালোচনা কৰে।
উপদেষ্টা গৰাকীয়ে ভাষণ প্ৰসংগত পাহাৰীয়া জিলাত কৰ্মৰত কৰ্মচাৰীসকলক পাহাৰীয়া ভাট্টা প্ৰদানত বৈষম্যৰ সৃষ্টি কৰাৰ অভিযোগ কৰি ভাট্টাৰ পৰিমাণ বৃদ্ধি কৰাৰ আহ্বান জনায়। কৰ্মচাৰীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিছতো আজি পৰ্যন্ত চৰকাৰখনে এই সন্দৰ্ভত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে।
চৰকাৰে ঘোষণা কৰা সিদ্ধান্ত একাংশ কৰ্মচাৰীয়ে কাৰ্যত ৰূপায়ণ নকৰে বুলি আক্ষেপ প্ৰকাশ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথাই বিষয়াই নামানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰী পৰিষদে কৰি অহা সংগ্ৰামৰ কথা উল্লেখ কৰি কৰ্মচাৰীসকলৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্তই প্ৰদান কৰা ভাষণত পাহাৰীয়া জিলাত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ পাহাৰীয়া ভাট্টা বৃদ্ধি কৰাৰ দাবী জনায়।
লগতে শিক্ষক সমাজক আৰ্জিত ছুটী প্ৰদান কৰাৰ দাবী জনোৱাৰ উপৰিও সভাপতিগৰাকীয়ে পুৰণি পেঞ্চন নীতিৰ আধাৰত সকলো চৰকাৰী কৰ্মচাৰীক সামৰি লোৱাৰ দাবী জনায়। জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, এম এই চি ৰামছিং তিমুঙকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে।
উল্লেখযোগ্য যে যোৱানিশা অনুষ্ঠিত হোৱা সন্থাৰ বিষয়ববীয়া নিৰ্বাচনত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী হিচাপে ইন্দিৰা লেকথেপী আৰু সাধাৰণ সম্পাদক হিচাপে প্ৰবীণ হাঞ্চেক নিৰ্বাচিত কৰা হয়।













