ডিজিটেল ডেক্স, ASSAM TIMES POST: প্ৰতিভাৰে চহকী ৰাজ্য অসম৷ প্ৰতিটো ক্ষেত্ৰতে ৰাজ্যখনত প্ৰতিভা থকাটো ইতিমধ্যে প্ৰতিপন্ন হৈ অহিছে৷ আনহাতে অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বহু প্ৰতিভা আছে যদিও প্ৰকৃতাৰ্থত পোহৰলৈ অহা নাই৷ তাৰ মাজতে পাহাৰীয়া জিলাখনৰ পৰা ওলাই আহি দেশক গৌৰাৱাম্বিত কৰা এগৰাকী ক্ৰীড়াবিদ হ’ল পখিলা ইংটিপী৷
কাৰ্বি আংলঙৰ সদৰ ডিফুৰ বাসিন্দা এইগৰাকী ক্ৰীড়াবিদে ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক মাৰ্ষ্টাছ গেমছত সোণৰ পদৰ লাভ কৰি দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হয়৷ পখিলা ইংটিপীয়ে মালয়েছিয়াৰ পেনাঙত অনুষ্ঠিত প্ৰতিযোগিতাত ৫০০০ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত এটা সোণৰ পদকৰ লগতে ৫০০০ মিটাৰ ৰেচত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পূৰ্বে এইগৰাকী ক্ৰীড়াবিদে চণ্ডিগড়ত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় মাৰ্ষ্টাছ গেমছত ১৫০০ মিটাৰ ৰেচত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷
১৯৮৪ চনৰ ৩০ মে’ত জন্ম গ্ৰহণ কৰা পখিলা ইংটিপীয়ে ডিফু চৰকাৰী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ বন বিভাগত কৰ্মৰত এইগৰাকী ক্ৰীড়াবিদৰ শৈশৱ এক প্ৰত্যাহ্বান আছিল৷
পখিলা ইংটিপীৰ মাতৃ মিক্ৰি তিচ’পী৷ এইগৰাকী মাতৃয়ে নিজৰ সন্তানক মানুহ কৰাৰ সংগ্ৰামত আত্মনিয়োগ কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়৷ পখিলা ইংটিপীৰ মাতৃ মিক্ৰি তিচ’পীয়ে ডিফুৰ বজাৰত বিক্ৰী কৰে শাক-পাচলি৷
মনকৰিবলগীয়া যে যি সময়ত বজাৰত সাৰযুক্ত শাক-পাচলি উভৈনদী সেই সময়ত কাৰ্বি আংলঙৰ পাহাৰীয়া ভূমিত উৎপাদিত সামগ্ৰীয়ে মানুহৰ মনত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷ ডিফুৰ কাৰ্বি বজাৰ, পাৱাৰ হাউচৰ বজাৰ, পিৰবি মাৰ্কেট আদিত কাৰ্বি জনগোষ্ঠীৰ সহজ-সৰল মহিলাসকলে পাহাৰৰ দুৰ্গম এলেকাৰ পৰা বিভিন্ন শাক-পাচলি আনে৷ ইয়াৰে ভিতৰত ঢেকীয়া (ডুংকে), লংদুং (কলডিল), কচু (হেনৰু), তিতাগুটি (হেচু বংৰুম), জাতিলাও (বংলাং), ৰঙালাও (বমহ’ম), হানছেৰেং, বেঙেনা (হিপি), তাৰা আদি বিভিন্ন শাক-পাচলি বজাৰত বিক্ৰী কৰিবলৈ আনে৷
পানী কেচুৱাক বুকুত বান্ধি পাচলি ভৰ্তি খাউ পিঠিত লৈ পাহাৰৰ টিলা বগাই মহিলাসকলে শাক-পাচলি বজাৰলৈ বিক্ৰীৰ বাবে আনে৷ তেনেদৰে সংগ্ৰাম কৰি সন্তানক মানুহ কৰিবলৈ সক্ষম হৈছে এই মহিলাসকল৷
তাৰে মাজতে জিলিকি উঠিল মিক্ৰি তিচ’পী৷ এইগৰাকী মাতৃৰ কন্যা পখিলা ইংটিপী৷ মালয়েছিয়াত ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত অনুষ্ঠিত এছিয়া পেচিফিক মাৰ্ষ্টাছ গেমছত ৩৫ বছৰ উৰ্দ্ধ শাখাত ৫০০০ মিটাৰ খোজকঢ়াত সোণ আৰু একে ইভেণ্টৰ ৰেচত ব্ৰঞ্জ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে৷