![]()
ছাইদুল ইছলাম:
ডিফু : অহা এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সাম্ভাব্য কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা প্ৰস্ততি আৰম্ভ কৰাৰ লগতে বিভিন্ন সৰু বৰ ৰাজনৈতিক দল সমুহৰ মাজত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে পৰিষদীয় নিৰ্বাচনৰ বাবে এখনি সুকীয়া ভোটাৰ তালিকাৰ দাবীত কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত এক বৃহৎ প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰা হয়।
আজি দিনৰ প্ৰায় এঘাৰ বজাত জিলা খনৰ ২৪ প্লাছ সংগঠনৰ উমৈহতীয়া মঞ্চৰ উদ্যোগত ডিফু নগৰৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত কেইবা শতাধিক লোকে অংশ গ্ৰহণ কৰি প্ৰতিবাদত ডিফু চহৰ উত্তাল কৰি তোলে । মঞ্চৰ মূখপাত্ৰ লিটচন ৰংফাৰে পৰিষদীয় নিৰ্বাচনৰ অসম নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ।
মূখপাত্ৰ ৰংফাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে পৰিষদীয় নিৰ্বাচনৰ বাবেএক সুকীয়া ভোটাৰ তালিকাৰ দাবীত গুৱাহাটী উচ্চ ন্যায়লয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনযোগে পৰিষদীয় নিৰ্বাচনৰ বাবে সুকীয়া ভোটাৰ তালিকাৰ বাবে আবেদন জনাইছিল । উক্ত আবেদনৰ ভিত্তিত উচ্চ ন্যায়লয়ে ২০১৮ চনৰ ১৩ জুলাইত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সুকীয়া ভোটাৰ তালিকা বাবে আইন প্ৰস্তত কৰাৰ বাবে ছমাহৰ সময় বান্ধি দিয়ে যদিও আজি পৰ্যন্ত পৰিষদে এইক্ষেত্ৰত সম্পুৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে।
ৰাজ্যিক নিৰ্বাচনী আয়োগে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্বান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বৰঞ্চ পৰিষদে নিজাববিয়াকৈ এই নিৰ্বাচনৰ অনুষ্ঠিত কৰিব লাগিব বুলি মন্তব্য কৰি ইয়াৰ অন্যথা ব্যাপক আন্দোলন কাৰ্যসুচী অব্যাহত থাকি বুলি মন্তব্য কৰে । লগতে কাৰ্বি আংলং শ্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰাটো আইন বিৰুদ্ধ বুলি মন্তব্য কৰি প্ৰয়োজন হলে নিৰ্বাচন স্থগিত ৰাখি ইয়াৰ বাবে প্ৰয়োজনীয় নীতি নিয়ম নিৰ্ধাৰণ কৰি লোৱাৰ বাবে দাবী জনায় ।
হাতে হাতে বিভিন্ন শ্লগান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতি বাদকাৰী সকলে উই ৱাণ্ট জাষ্টিছ ট্ৰাইবেল ইউনিটী লং লীভ ছিক্স ছিডিউল লং লীভ “ন ” ছেপাৰেট ইলেক্টৰল ৰুল “ন”ৰেষ্ট আদি শ্ল’গানেৰে পৰিবশ উত্তাল কৰি তোলে ।












