![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ অধীনস্ত চৰকাৰী কৰ্মচাৰী সকলৰ দৰমহা প্ৰদানৰ ক্ষেত্ৰত বিশেষকৈ এন কেডাৰৰ প্ৰসংগক কেন্দ্ৰ কৰি জিলাখনত পুনৰ আন এক বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত পৰিষদীয় নিৰ্বাচনৰ কেইটামান দিন বাকী থকা অৱস্থাত জিলাখনৰ চৰকাৰী কৰ্মচাৰী সকলৰ কৰ্তৃত্বক লৈ সৃষ্টি হোৱা বিতৰ্কই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
প্ৰসংগ ক্ৰমে উল্লেখযোগ্য, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কালি নিজা বাসভৱনত এক সংবাদমেলৰ আয়েজন কৰি জিলাখনৰ চৰকাৰী গ্ৰেড ওৱান আৰু গ্ৰেড টু কৰ্মচাৰী সকলৰ এন কেডাৰৰ ব্যৱস্থা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ মন্তব়্ অনুসৰি ইউপিডিএছৰ সৈতে কেন্দ্ৰ আৰুলৰাজ্য চৰকাৰৰ মাজত ২০১১ চনত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত এই ব্যৱস্থা কৰা হৈছে ৷
সেই অনুসৰি পৰিষদৰ এলেকাধীন গ্ৰেড ওৱান আৰু গ্ৰেড টুৰ চাকৰিৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে নিযুক্তি প্ৰদান কৰিব যদিও দৰমহা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ৷ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ ভাষ্য অনুসৰি পৰিষদে এন কেডাৰৰ চাকৰিৰ দৰমহাৰ ক্ষেত্ৰত প্ৰতি মাহে ১০ কোটিকৈ বছৰি ১২০ কোটি টকা ব্যয় কৰি আহিছে ৷ এন কেডাৰৰ দৰমহা চৰকাৰে বহন কৰাৰ জৰিয়তে ৰাহি হোৱা ধন উন্নয়নমূলক কামত ব্যয় কৰিব পৰা সম্ভৱ হব বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে উল্লেখ কৰিছিল ৷
এইলৈ আজি সৰৱ হৈ পৰিছে যুটীয়া সমন্বয়ৰক্ষী সমিতি চমুকৈ জেচিচিয়ে ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি এন কেডাৰ বিতৰ্কক লৈ পৰিষদৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ৷ সংবীদমেলত সমন্বয়ক ৰবিন্দ্ৰ ৰংপি আৰু অধ্যক্ষ খৰছিং টেৰণে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷
জেচিচিৰ নেতৃবৰ্গৰ মতে এন কেডাৰ সকলৰ দৰমহা চৰকাৰে বহন কৰিলে স্বাভাৱিকতে এন কেডাৰ সকলৰ ক্ষেত্ৰত পৰিষদৰ কৰ্তৃত্ব হ্ৰাস পাব ৷ লগতে স্বায়ত্তশাসিত পৰিষদৰ ক্ষমতা হ্ৰাস পাব ৷ এনে ব্যৱস্থাই ৰাইজক বিপথে পৰিচালিত কৰিব বুলি মন্তব্য কৰে জেচিচিৰ নেতৃবৰ্গই ৷ ইয়াৰোপৰিও বৰ্তমান পৰিষদৰ নেতৃবৰ্গই পৰিষদলৈ আবণ্টিত পূঁজী পৰিষদৰ নেতৃবৰ্গই অপব্যয় কৰিছে ৷
বিশেষকৈ বিভিন্ন বোৰ্ড অধ্যক্ষ নিযুক্তি দি তেওঁলোকৰ দৰমহা, বাহন, টিএ, ডিএ দিও পৰিষদৰ ধনৰ অপচয় কৰিছে বৱৃুলিও অভিযোগ কৰে নেতাদ্বয়ে ৷ এন কেডাৰৰ বিষয়বোৰৰ দৰে সিপৰ্শ কাতৰ বিষয়বোৰ বিৰোধী দলৰ সৈতে আলোচনাৰ বাবে আহ্বান জনায় নেতাদ্বয়ে ৷ এন কেডাৰৰ দৰমহা চৰকাৰে বহন কৰাটো কোনোবা কলেই মানি লোৱা নহব বুলি কয় ৷
আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নেতা খৰচিং টেৰণে কয়যে, এন কেডাৰৰ দৰমহাৰ বিষয়টোত যদি কোনো সমস্যাই নাই তেনেহলে বিষয়টো কিয় ৰাজহুৱা কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এনে ব্যৱস্থাৰ জৰিয়তে পৰিষদৰ ক্ষমতা হ্ৰাস পাবলৈ হলে পৰিষদখন জিলা পৰিষদলৈ পৰ্যৱসিত হোৱাৰ আশংকা ব্যক্ত কৰে টেৰণে ৷













