![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
১২ জানুৱাৰীত বোকাজান আৰক্ষীয়ে অভিযান চলাই বাবা হাজৰিকাৰ বাসগৃহৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ। দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি বিশাল সম্পত্তি গঢ়ি তুলিছিল বাবা হাজৰিকাই।
আৰক্ষীয়ে শেহতীয়া অভিযানত কলিকতাৰ SAFEM(FOP)A, NDPSA আইনৰ অধীনত বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি জব্দ কৰে। লগতে, পৰৱৰ্তী সময়ত এই সম্পত্তি নিলাম হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে আৰক্ষীয়ে। ইতিমধ্যে টুইট যোগে এই কথা সদৰি কৰি কাৰ্বি আংলং আৰক্ষীক প্ৰশংসা কৰিছে আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।













