![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বিশ্ব সামাজিক ন্যায় দিৱস উপলক্ষে মাঞ্জাত স্থিত অস্কফৰ্ড মডেল ইংলিছ স্কুলত এখন ন্যায় সম্বন্ধীয় সজাগতা সভাৰ আয়োজন কৰা হয়। এই সজাগতা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ লিগেল এইড্ কাউন্সিলৰ সদস্য ডেমালু হাঞ্চু৷
সজাগতা সভাক উদ্দেশ্যি লীেল এইড কাউঞ্চিলৰ সদস্য তথা অধিবক্তা ডিমালু হাঞ্চুৱে সামাজিক ন্যায় লাভৰ বিভিন্ন দিশ সাঙুৰি মনোজ্ঞ বক্তৃতা আগবঢ়ায় ৷
তাৰোপৰি সভাখনত কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকাৰীৰ ফ্ৰণ্ট অফিচ কো-অৰ্ডিনেটৰ বীৰসিং তেৰাং, জিলা আইন সেৱা প্ৰাধিকাৰীৰ স্বেচ্ছাসেৱক সকল, শিক্ষক-শিক্ষয়িত্ৰীসকল, গাঁওবুঢ়াকে আদি কৰি ছাত্র-ছাত্ৰীসকলো উপস্থিত থাকে।













