![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ভাৰত চৰকাৰৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত আজি অসমৰ কাৰবি- নাগালেণ্ড সীমান্তঞ্চলত চাফাই অভিযান চলোৱা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি স্থানীয় যুৱ ক্লাৱ’ আৰু স্থানীয় ৰংমাই বস্তিৰ যুৱক সকলৰ উদ্যোগত আজি লাহৰিজান ড্ৰীমস্কাই হোটেলৰ পৰা শ্মশানঘাটলৈকে প্ৰায় পাঁচশ মিটাৰজেৰা এলেকীত চাফাই অভিযান চলায় ৷
যুৱক সকলে হাতে হাতে ঝাড়ু, কোৰ বেলচা আদি হাততলৈ ৰাস্তাৰ দুয়োকাষৰ জাঁবৰ জোঠৰ পৰিষ্কাৰ কৰি সেইবোৰত অগ্নি সংযোগ কৰ পৰিৱেষ পৰিষ্কাৰ কৰি তোলে, যুৱ ক্লাৱৰ সভাপতি গৰাকীয় স্থানীয় ৰাইজক পেলনীয়া জাঁবৰ-জোঠৰ য’তে ত’তে নেপেলাই সেইবোৰ নিৰাপদ স্থানত পেলাই দিয়াৰ আহ্বান জনায় ৷
স্থানীয় যুৱক সকলৰ এনে পদক্ষেপত স্থানীয় ৰাইজে উচ্চ প্ৰশংসা কৰিছে ৷ ইয়াৰোপৰি স্থানীয় আদিবাসী যুলৃৱক সকলেও ড্ৰীমস্কাই হোটেলৰ পৰা ছানডে মাৰ্কেটলকৈ চাফাই অভিযান কৰা পৰিলক্ষিত হয় ৷













