ASSAM TIMES POST
গুৱাহাটীঃ নিৰ্ভীক সাংবাদিক, শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অহা ২০ অক্টোবৰ(দেওবাৰ)ত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰপৰা অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাৰ বিষয় ‘ভাৰতীয় অৰ্থনীতিৰ সাম্প্ৰতিক মন্দাৱস্থাৰ বাবে চৰকাৰৰ নীতিসমূহ জগৰীয়া নহয়’ (‘The policies of the Government are not responsible for the present slowdown in Indian economy’)।
পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা আয়োজক সমিতিয়ে ২৩ সংখ্যক বাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতালৈ ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ইচ্ছুক প্ৰতিযোগী-দৰ্শক-শুভাকাংক্ষীক সাদৰৰে নিমন্ত্ৰণ জনাইছে।
প্ৰতিযোগীসকলে অধিক জানিব খুজিলে ৯৪৩৫০-৪৪১৪০ নম্বৰত যোগাযোগ কৰিব পাৰিব।













