ASSAM TIMES POST
গুৱাহাটীঃ অহা ৪ অক্টোবৰৰপৰা আৰম্ভ হ’বলগীয়া দুৰ্গা পূজাৰ আনন্দ যোৱা তিনি দিনে কিছু পৰিমাণে ম্লান কৰিছে পাতলীয়া নেৰানেপেৰা বৰষুণে। ইয়াৰ ফলত গুৱাহাটীকে প্ৰমুখ্য কৰি ৰাজ্যৰ বহু পূজা মণ্ডপৰ নিৰ্মাণ কাৰ্য বিঘ্নিত হৈ পৰিছে।
মূলতঃ দৃশ্যসজ্জাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছে। শেহতীয়াভাৱে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ-বিজ্ঞান কেন্দ্ৰই কৰা পূৰ্বানুমান অনুসৰি আহি থকা দিনসমূহো সুবিধাজনক হৈ নুঠিব। কেন্দ্ৰটোৰ মতে, অহা ৫ অক্টোবৰলৈকে ৰাজ্যত প্ৰৱলৰপৰা অতি প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
৫ অক্টোবৰ হৈছে মহা সপ্তমী। সেয়ে এতিয়াৰেপৰা যদি সপ্তমীৰ দিনালৈকে বৰষুণেই আহি থাকে, তেন্তে ভক্তসকল অসুবিধাত পৰিব। কেন্দ্ৰটোৱে কৈছে যে কেৱল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন ৰাজ্যটো উক্ত দিনালৈকেয়ে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা অধিক।













