ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত অনুষ্ঠিতব্য ৰাজ্যৰ ৪ টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰচাৰৰ অৰ্থে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে শেহতীয়াভাৱে এখনি ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰ (তাৰকা প্ৰচাৰক)ৰ তালিকা প্ৰকাশ কৰি উলিয়াইছে।
তালিকাখনত আছে উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱট, এপিচিচিৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম বিধান সভাত কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি।
এইসকলকে ধৰি মুঠ ৪০ জন তাৰকা প্ৰচাৰকে আগন্তুক দিনসমূহত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সোণাৰি, ৰঙাপৰা, জনিয়া আৰু ৰাতাবাৰীত নিৰ্বাচনী সভা আৰু প্ৰচাৰ সমদল আদিত অংশগ্ৰহণ কৰিব।













