![]()
ছাইদুল ইছলাম:
ডিফু : মঙলবাৰে ডিফুৰ সমীপৱৰ্তী দলদলী ৰেলৱে ট্ৰেকত এজন চল্লিছোৰোৰ্দ্ধৰ লোকৰ ৰেলৰ চেঁপাত মৃত্যু হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ ডিফু চৰকাৰী ৰেল আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনি মেচে জানিবলৈ দিয়া অনুসৰি আজি মঙলবাৰে পুৱা প্ৰায় ১০ মান বজাত দলদলী ৰেলষ্টেচনৰ ৰেল লাইনৰ কাষত এগৰাকী অচিনাক্ত লোক গুৰুতৰ ভাবে জখম প্ৰাপ্ত হৈ থকাৰ খবৰ লাভ কৰে ৷
পিছত লোকজনক আহত অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত লোক জনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ পিছত দণ্ডাধীশৰ দ্বাৰা মৃত লোক জনক চুৰৎহাল কৰাই মৰণোত্তৰ পৰীক্ষা কৰা হয় ৷ প্ৰায় ৪৫ বছৰীয়া মৃতলোকজনৰ দুয়োটা ভৰি ৰেলৰ চেঁপাত টুকুৰা হৈ পৰে ৷
লোকজনে ৰঙা ৰঙৰ জেকেট আৰু ক’লা লংপেণ্ট পৰিধান কৰি ৰাথিছিল ৷ লোকজনৰ ম়তদেহ চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে এই সন্দৰ্ভত লামডিং জিআৰপিত ৭/২২ ত এক ইউডি গোছৰ পঞ্জীয়ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷













