![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : মঙলবাৰে ডিফুত বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰী আটক হোৱা ঘটনাই সদৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিগত কেইবামাহ ধৰি কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক সফল অভিযান চলাই অসম-নাগালেণ্ড সীমান্তৰ বিভিন্ন ঠাইৰ পৰা কোটি কোটি টকাৰ ড্ৰাগছসহ কেইবাটাও সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷
ড্ৰাগছ সৰবৰাহকাৰী সকলেও ড্ৰাগছ সৰবৰাহ কৰাৰ বাবে অৱলম্বন কৰিছে বিভিন্ন পন্থা ৷ এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীসকলে অসম-নাগালেণ্ড সীমান্তৰ উক্ত পথ বৰ্জন কৰি ধনশিৰি-ডিফু পথেৰে ড্ৰাগছ সৰবৰাহ কৰাৰ নিৰাপদ পথ বা বাছি লৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি মঙলবাৰে বিয়লি ডিফু ধনশিৰি পথৰ পানবাৰী মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চলোৱা বিশেষ নাকা তালাচীত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি ধনশিৰিৰ পৰা ডিফু অভিমুখী এএছ ০৯-এচি ৭ ৯৪৫ নম্বৰৰ যাত্ৰীবাহী অট’ৰিক্সাৰে এজন পুৰুষ আৰু এজনী মহিলা ডিফু অভিমুখে আহি থকা অৱস্থাত পূৰ্বৰে পৰা পানবাৰী ফৰেষ্ট গেটৰ ওচৰত জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু নগৰ আৰক্ষীৰ এটা দলে অট’ৰিক্সাখনত তালাাচী চলাই যাত্ৰীৰোপী মহিলাগৰাকীৰ বেগৰ পৰা ১৫টা চাবোনৰ বাকচত বুজন পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ হেৰইনখিনিখিনি ধনশিৰি পাৰৰ পৰা হওৰাঘাটলৈকে নি থকা বুলি জানিব পৰা গৈছে ৷ জব্দকৃত হেৰইনখিনিৰ ওজন ১৯৪ গ্ৰাম ৷
ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা হ’ব বুলি উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই জানিবলৈ দিছে ৷ নিষিদ্ধ হেৰইনখিনিৰ সৈতে ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে, আব্দুচ চালাম (৪৪) কৰিমগঞ্জ টিলা বাজাৰৰ বাতাৰাসী ৱাৰ্ড নং ১, অস্থায়ী ঠিকনা চুমুকু ডিমা ডিমাপুৰ নিৱাসী, মহিলা গৰাকী হোজাই ইছলাম নগৰৰ আব্দুল হকৰ পত্নী জ্যোৎসনাৰা বেগম বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, নৱ-প্ৰজন্মৰ জীৱনক কোঙা কৰি পেলোৱা মাৰাত্মক ড্ৰাগছথিনিৰ সৈতে সৰবৰাহকাৰী দুটাক আৰক্ষীয়ে আটক কৰা ঘটনাক উচ্চ প্ৰশংসা কৰিছে ডিফুবাসীয়ে ৷












