ASSAM TIMES POST
নগাঁওঃ চলিত বৰ্ষৰ ১৫ ডিচেম্বৰত হোজাইত অনুষ্ঠিত হবলগীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ অধিবেশনত অসম সাহিত্য সভাৰ সভাপতি,উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰা হব।
আজি হোজাইত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত এই কথা সদৰি কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।তেওঁ কয় যে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে ইতিমধ্যে বহু কেইজন বৰেণ্য ব্যক্তি আগবাঢ়ি আহিছে।

তেওঁলোকৰ ভিতৰত আছে প্ৰাক্তন প্ৰধান সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামী, প্ৰহ্লাদ তাছা,বসন্ত গোস্বামী, কৰৱী ডেকা হাজৰিকা, পদ্মশ্ৰী সন্মান প্ৰাপক ডঃ জয়শ্ৰী গোস্বামী মহন্ত, সূৰ্য হাজৰিকা আদি । এইবাৰ সাহিত্যসভাৰ সভাপতি পদৰ বাবে তিনিজন পদ্মশ্ৰী সন্মান প্ৰাপ্ত ব্যক্তি আগবাঢ়ি অহাটো শুভলক্ষণ ।
ডঃ ৰাজবংশীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অসম সাহিত্য সভাৰ সভাপতি পদত তেওঁ এইবাৰ প্ৰতিদ্বন্দিতা নকৰে বুলি মন্তব্য কৰে। কাৰিকৰী দিশৰ পৰা প্ৰতিদ্বন্দিতা কৰিব পাৰে যদিও তেওঁ স্ব ইচ্ছাৰে প্ৰতিদ্বন্দিতাত নেনামে বুলি সাংবাদিকক জানিবলৈ দিয়ে ।অসম সাহিত্য সভাৰ সভাপতি পদটো অতি শ্ৰদ্ধাৰ পদ।
সেয়ে তেওঁ দুবছৰ থাকিল।নতুন সভাপতিয়ে প্ৰাক্তন সভাপতি হিচাপে যেতিয়াই বিচাৰে তেতিয়াই থাকিম।নিবিচাৰিলেও থাকিম।অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক হিচাপে মই সদায় থাকিম।সভাপতি ডঃ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ এইবাৰৰ অধিবেশন ৩১ জানুৱাৰী,১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ বিষয়েও অৱগত কৰে।













