![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : বিগত তিনিবছৰ পূৰ্বেই সোণাপুৰৰ পৰা চুৰি হোৱা এখন বিলাসী বাহন আজি মাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কাৰবি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে আজি পুৱাই অভিযান চলাই এখন চুৰি বিলাসী বাহন জব্দ কৰাৰ লগতে দুটাকৈ দুৰ্ধৰ্ষ গাড়ী চোৰ গ্ৰ্প্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি , আজি পুৱা প্ৰায় ৮-৩০ বজাত ডিমাপুৰ অভিমুখে গৈ থকা এএছ ০১ বিকে ০০৮৮ নম্বৰৰ ‘নিচান টেৰাণ ‘বাহনখন মাঞ্জা থানাৰ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলাই বাহনখন ৭০১৯ চনতে সোণাপুৰৰ পৰা চুৰি কৰি অনা বাহন বুলি নিশ্চিত হয় ৷ সোণাপুৰ থানাত এতিয়াও এই সন্দৰ্ভত ৫৭৭/১৯ নম্বৰত এক গোছৰ পঞ্জীয়নভূক্ত হৈ আছে বুলি জানিব পৰা গৈছে ৷
এই সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাড়ী চোৰ দুটা ক্ৰমে, মণিপুৰ চূড়াচান্দপুৰ তুবুং থানাৰ অন্তৰ্গত চিমুনকাট নিৱাসী ৰবাৰ্ট এন গামিনথাং তৌথাং(৩০) আৰু মণিপুৰ টেন্নপাল জিলাৰ মৰে থানাৰ অন্তৰ্গত টি টংলহাং নিৱাসী পাওমিনলাল মিচাও (২৫) বুলি চিনাক্ত কৰা হৈছে ৷













