![]()
নিউজ ডেক্স:
২০২২ বৰ্ষৰ আইপিএল নিলাম অনুষ্ঠিত হ’ব দেশ তথা বিদেশৰ ৫৯০ জন ক্রিকেটাৰৰ মাজত।মঙ্গলবাৰে আইপিএল কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশ কৰা তালিকাত আছে ৩৭০ জন ভাৰতীয় ক্রিকেটাৰৰ নাম।
আনহাতে, অষ্ট্ৰেলিয়াৰ ৪৭ জন, ৱেষ্ট ইণ্ডিজৰ ৩৪ জন, দক্ষিণ আফ্রিকাৰ ৩৩ জন, ইংলেণ্ড আৰু নিউজীলেণ্ডৰ ২৪ জনকৈ, আফগানিস্তানৰ ১৭ জন, নেপাল, আমেৰিকা আৰু জিম্বাব’ৱেৰ পৰা আছে এজনকৈ আৰু বাংলাদেশৰ পাঁচজন ক্রিকেটাৰে নিলামত অংশগ্ৰহণ কৰিব।
আইপিএল সূত্ৰ মতে, দেশৰ ৪৮ জন ক্রিকেটাৰে নিজৰ ন্যুনতম মূল্য ৰাখিছে ২ কোটি টকা। তেওঁলোকৰ ভিতৰত আছে মহম্মদ ছামি, ৰবিচন্দ্রন অশ্বিন, শিখৰ ধৱন, শ্রেয়স আয়াৰ আদি। বিদেশী ক্ৰিকেটাৰসকলৰ ভিতৰত ২ কোটি মূল্য ৰাখিছে ট্রেন্ট ব’ল্ট, পেট কমিন্স, কুইন্টন ডি’ককে।












