ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু:ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰ বাবে মনোনিত হ’ল কাৰবি আংলঙৰ কবি সাহিত্যিক ধনেশ্বৰ ইংতিক ৷ বালিমাহী কবি ৰূপে স্বিকৃতি প্ৰাপ্ত ডিফুৰ ধনেশ্বৰ ইংতিলৈ সাহিত্য আৰু শিক্ষাৰ বাবে ভাৰত চৰকাৰে এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে ৷ ধনেশ্বৰ ইংতিক প্ৰদান কৰা পদ্মশ্ৰী সন্মানৰ বাবে পাহাৰীয়া জিলা কাৰবি আংলঙৰ সাহিত্য জগতত উচ্ছাহৰ ঢল বৈছে ৷