ASSAM TIMES POST
নতুন দিল্লীঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান প্ৰমুখ্যে তেওঁৰ কেইবাজনো সতীৰ্থৰ। ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাগ লৈ পাকিস্তানলৈ আহি থাকোতেই শুকুৰবাৰে নিশা এই ঘটনা ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, নিউ ইয়ৰ্কৰ জন এফ কেনেদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা শুকুৰবাৰে সন্ধিয়া পাকিস্তানলৈ ৰাওনা হৈছিল তেওঁলোক। কিন্তু তেওঁলোকক কঢ়িয়াই অনা বিমানখনৰ আকাশমাৰ্গতে কাৰিকৰী বিজুতি ঘটে।
এটা সময়ত বিমানখনৰ পাইলট দুজনে বিমানখনক নিউ ইয়ৰ্কলৈ ঘূৰাই নি উক্ত বিমানবন্দৰটোত জৰুৰী অৱতৰণ কৰায়। সম্প্ৰতি আন এখন বাণিজ্যিক বিমানত ইমৰাণ খান আৰু তেওঁৰ সতীৰ্থসকলক পাকিস্তানলৈ ঘূৰাই পঠোৱাৰ যো-জা চলিছে বুলি জানিব পৰা গৈছে।










