নিউজ ডেস্কঃ
কৰোনা পজিটিভৰ পাছত বৰ্তমানো চিকিৎসালয়ত আছে লতা মংগেশকাৰ। কেইদিনমান পূৰ্বে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাত তেওঁ এতিয়াও আইচিইউৰ চিকিৎসকসকলৰ তত্বাৱধানত আছে।
“কণ্ঠশিল্পী লতা মংগেশকাৰ এতিয়াও আইচিইউ ৱাৰ্ডত আছে আৰু আমি তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছোঁ। বয়স হোৱাৰ বাবে তেওঁ আৰোগ্য হৈ উঠিবলৈ সময় ল’ব।” চিকিৎসকে এনেদৰে কয়৷
১১ জানুৱাৰীত লতা মংগেশকাৰ কৰোনা ভাইৰাছত আক্ৰান্ত হয়৷ লগে লগে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ তাত তেওঁৰ কৰোনা ভাইৰাছৰ লগতে নিউমোনিয়াত আক্ৰান্ত হোৱাও ধৰা পৰে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছতে লতা মংগেশকাৰক আইচিইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। তেতিয়াৰে পৰা তাত তেওঁৰ চিকিৎসা চলি আছে।