ASSAM TIMES POST
নতুন দিল্লীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাক নিশ্চিন্তে থাকিবলৈ আহ্বান জনালে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এনআৰচিয়ে বাংলাদেশক প্ৰভাৱান্বিত নকৰে বুলি মোডীয়ে হাচিনাক ন দি কয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি অনুসৰি, শুকুৰবাৰে ৭৪ সংখ্যক ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাগ লৈ দুয়ো মিলিত হৈছিল আৰু ইয়াতে মোডীয়ে হাচিনাক এই আশ্বাস প্ৰদান কৰে। মোডী-হাচিনাৰ আলোচনাৰ বিষয়বস্তুৰ কথা সদৰী কৰি বাংলাদেশৰ বৈদেশিক মন্ত্ৰী একে আব্দুল ম’মেনে সংবাদ মাধ্যমক কয় যে হাচিনাই মোডীক এনআৰচিয়ে বাংলাদেশত বিৰুপাত্মক প্ৰভাৱ পেলাব বুলি আশংকা ব্যক্ত কৰিছিল। ইয়াতে মোডীয়ে হাচিনাক এই সম্পৰ্কত নিশ্চিন্তে থাকিবলৈ কয়।










