ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয় ভাবে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু উদযাপন কৰা হয় ৷ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত শুকুৰবাৰে পুৱা ডিফু ক্লাৱ প্ৰাঙ্গনত কৰোণাৰ সকলো নিতী-নিয়ম অনুসৰণ কৰি অতিৰিক্ত কাৰ্যসূচী কৰ্তন কৰি অনুষ্টুপীয়া ভোগালী উৎসৱটি পালন কৰা হয় ৷
এইলৈ ডিফু ক্লাৱত অনুষ্ঠিত কৰা ভোগালী উৎসৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, সাংস্কৃতিক সমাজৰ বিষয়ববীয়া আৰু বিহুপ্ৰেমী লোকৰ উপস্থিতিত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে ৷ পতাতা উত্তোলন কৰি দিয়া ভাষণত সভাপতি দিলীপ কুমাৰ দাসে কয়যে, প্ৰকৃত বিহুৰ মাদকতা গাঁৱৰ পৰিৱেশতহে পোৱা যায় ৷ ক’ৰোনাৰ বাবে এইবাৰ ভোগালী বিহুৰ কাৰ্যসূচী কিছু চমুৱাই অনা হৈছে ৷
পৰিৱেশ প্ৰতিকুল হলে অনাগত বছৰত ভোগালী বিহু পূৰ্বৰ দৰে উলহ-মালহেৰে উদযাপন কৰে ৷ ইয়াৰ পিছত ডিফু ক্লাৱ প্ৰাঙ্গনত প্ৰস্তুত কৰি মেজিত অগ্নি সংযোগ কৰে বিশিষ্ট কবি তথা ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ প্ৰাক্তন সভাপতি পাৰি ৰংপিয়ে ৷ নিজৰ ভাষণ প্ৰসংগত পাৰি ৰংপিয়ে কয়যে, আচলতে বিহুৰ মেজিৰ জুই প্ৰাতঃপুৱাতে চৰাই-চিৰিকতি মাটিত নপৰা আৰু কাউৰীয়ে কা -কা নকৰাৰ আগতে জলিব লাগে ইয়েই পৰম্পৰা ৷ যদিও বৰ্তমান সৃষ্ট পৰিৱেশৰ বাবে সেয়া সম্ভ হোৱা নাই ৷
বিশ্ব ব্যাপী কৰোনা মহামাৰীৰ জালা-যন্ত্ৰনা, অসূয়া, বিপত্তি এই মেজিৰ জুইত জাহ যাওক তাৰ কামনা কৰে বিশিষ্ট সাহিত্যক গৰাকীয়ে ৷ ইয়াৰ পিছতে সকলোৱে মিলি ভোদালীৰ জল-পান খাই ইজনে-সিজনক বিহুৰ শুভেশ্ছা জনায় ৷ আজি ভোগালী বিহু উদযাপন অনুষ্ঠানটিৰ আঁত ধৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অতুল কলিতাই ৷