ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ২০২১ চনৰ ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰবি আংলঙৰ ছয়টাকৈ সহস্ৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি শান্তি আলোচনাত স্বাক্ষৰ কৰা হয় ৷ ইয়াৰ পিছতেই উল্লেখিত সংগঠনৰ একাংশই ৰাজনীতিত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ আন একাংশই আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে বিভিন্ন পথ বাছি লৈছে ৷
চুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহৰ অন্যতম সংগঠন আছিল কেপিএল টি (আৰ) ৷ উক্ত কেপিএলটি (আৰ) সংগনৰ নেতা কেডাৰ সকলে আজি সমবেত হৈ সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে সংগঠনটোৰ নেতা-কৰ্মী সকলৰ কল্যাণৰ বাবে ‘আবাৰিম কেৰিএলটি(আৰ)চিংৰি আচন’ নামাকৰণেৰে এটি স্বেচ্ছাসেৱী সংগঠন কৰে ৷
এইলৈ আজি বিয়লি ডিফু সংবাদমেল আয়োজন কৰি সংগঠনটোৰ সম্পাদক আৰচক তিমুঙে সংবাদ মাধ্যমৰ আগত কয়যে, চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত কেপিএলটি(আৰ)ৰ কেডাৰ সু সংগঠিত কৰি ৰাখিবলৈ এই সংগঠন কৰা হৈছে ৷
ইয়াৰোপৰি শান্তি চুক্তিৰ দফা সমূহৰ সফল ৰূপায়ণ আৰু সংগঠনটোৰ কেডাৰ সকলৰ পুণঃসংস্থাপন সংক্ৰান্তীয় দিশ সমূহো এই স্বেচ্ছাসেৱী সংগঠনে চোৱাচিতা কৰাৰ লগতে কেডাৰ সকলে যাতে কোনো বেয়া কাম কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰখা হব বুলি নেতা গৰাকী জানিবলৈ দিয়ে ৷
নৱগঠিত “আবাৰিম কেপিএলটি(আৰ) চিংৰি আচন’ৰ অমিতাভ হাঞ্চেক উপদেষ্টা, মালং তিমুঙক সভাপতি, ৰাণা মিজাঙক উপসভাপতি, আৰচক তিমুঙক সম্পাদক আৰু ছাকা তেৰাঙক বিত্তীয় সচিব হিচাপে লৈ লগতে প্ৰায় অৰ্দ্ধ শতাধিক নেতা-কৰ্মীকলৈ এক শক্তিশালী স্বেচ্ছাসেৱী সংগঠন গঠন কৰে ৷