ASSAM TIMES POST
চুৰাটঃ গুজৰাটৰ চুৰাটৰ এখন বজাৰত তৃতীয় লিংগৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বৃহস্পতিবাৰৰপৰা এই নিৰ্দেশনা কাৰ্যকৰী হৈছে। মূলতঃ শেহতীয়াকৈ এটা কিন্বৰৰ ব্লেকমেইলিঙৰ ফলত এজন লোকে মৃত্যুক সাৱটিবলগীয়া হোৱাৰ বাবেই বজাৰখনৰ পৰিচালনা সমিতিয়ে এনে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে।

বজাৰ সমিতিখনৰ এটা সূত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি, বিগত বছৰসমূহত বজাৰখনত বহু কিন্বৰে ব্যৱসায়ীসকলকে প্ৰমুখ্য কৰি ক্ৰেতাসকলকো ধনদাবীকে ধৰি ব্লেকমেইলিং কৰি আহিছে।
ইয়াৰ ফলত বজাৰখনলৈ মানুহৰ আহ-যাহ ক্ৰমান্বয়ে হ্ৰাস পাই অহাৰ মাজতে শেহতীয়াকৈ উক্ত ঘটনা ঘটাতে এনে সিদ্ধান্ত লোৱা হয়। এই সম্পৰ্কত বজাৰখনত পোষ্টাৰিঙো কৰা হৈছে।










