নিউজ ডেস্কঃ
ভাৰত বায়োটেকৰ নাকেৰে লোৱাৰ উপযুক্ত টীকাক কৰোনা টীকাৰ বুষ্টাৰ পালি হিচাবে অনুমতি দিব পাৰে ডিজিচিআয়ে।
বুধবাৰে কেন্দ্রীয় সংস্থাটোৰ বিশেষজ্ঞ কমিটিয়ে টীকাৰ তৃতীয় পৰ্যায়ৰ ট্রায়েলৰ সন্মতি দিয়া হৈছে। প্রায় ৫ হাজাৰ সুস্থ ব্যক্তিৰ ওপৰত ট্রায়েল চলোৱা হ’ব। তেওঁলোকৰ ভিতৰত আধাই কোভেক্সিন আৰু আধাই কোভিশিল্ড টীকাৰ দুটা পালি লৈছে। যোৱা ডিচেম্বৰৰ মাজমানত ভাৰত বায়োটেকে ক্লিনিকেল ট্রায়েল চলোৱাৰ অনুমতি বিচাৰিছিল। ভাৰত বায়োটেকে কেন্দ্রক জনোৱা মতে, যিসকলৰ সম্পূর্ণ টীকাকৰণ হৈ গৈছে, তেওঁলোকক নজল ভেকচিন বুষ্টাৰ ডোজ হিচাবে দিলে সেয়া কার্যকৰী হ’ব পাৰে।
এই সন্দৰ্ভত মঙ্গলবাৰে ডিজিচিআইৰ বৈঠক অনুষ্ঠিত হয় আৰু বুধবাৰে ট্রায়েলৰ অনুমতি দিয়ে। সম্ভৱত দ্বিতীয় পালি লোৱাৰ ৬ মাহ পিছতেই এই বুষ্টাৰ ডোজ ল’ব পৰা যাব। মার্চৰ পৰাই বুষ্টাৰ ডোজ আৰম্ভ কৰাৰ অনুমতি দিব পাৰে কেন্দ্রই। অৱশ্যে সেয়া নির্ভৰ কৰিব সময়মতে বুষ্টাৰ ডোজক অনুমতি দিয়া হ’ব নে নাই তাৰ ওপৰত।