![]()
ছাইদুল ইছলাম:
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত যোৱা ২০ আৰু ২৪ ডিচেম্বৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্ছেদ অভিযানকলৈ আমছুৰ সভাপতিয়ে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰবি ছাত্ৰ সন্থাই ৷ কেৱল মুছলমানক বাছি বাছি উচ্ছেদ কৰা বুলি আমছুৰ সভাপতি ৰেজাউল কুমাৰ চৰকাৰৰ মন্তব্য সত্য নহয় বুলি আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে জনায় কেএছএৰ সভাপতি ক্ৰমে, থানচিং তিমুঙ, আৰু ছিমিয়ন ৰংফাৰে ৷ কেএছএৰ দীৰ্ঘদিনীয়া দাবীক সমৰ্থন জনাই লাহৰিজানত উচ্ছেদ চলাইছিল কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ৷
আমছুৰ সভাপতিগৰাকীয়ে ষষ্ঠ অনুসূচী এলেকাভূক্ত কাৰবি আংলঙৰ ইতিহাস আৰু ভূমি নীতি নজনাকৈ আমছুৰ সভাপতিগৰাকীয়ে প্ৰৰোচনামূলক মন্তব্য কৰা বুলি অভিযোগ কৰিছে কেএছএই ৷ তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে কৰা উচ্ছেদক প্ৰশংসা কৰে কেএছএই ৷
লাহৰিজানৰ দুদু কলনিত অবৈধ বেদখলকাৰী সকলে ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত আছিল বুলি মন্তব্য কৰে কেএছএ নেতাদ্বয়ে ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত অন্যায়ভাবে বেদখল কৰি থকাসকলক উচ্ছেদ কৰি আছে ৷ আমছুৰ সভাপতি গৰাকীৰ মন্তব্যই সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰিব ৷ সেয়ে আমছুৰ সভাপতিগৰাকীক এনে প্ৰৰোচনামূলক মন্তব্য নকৰিবলৈ আহ্বান কেএছএৰ সভাপতিদ্বয়ৰ ৷
দুদু কলনিৰ বাস কৰা লোকে মাননীয় উচ্চ ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে আপীল কৰিছিল যদিও মাত্ৰ ৭ খন ঘৰকহে উচ্ছেদ স্থগিতাদেশনিৰ্দেশ দিছিল মাননীয় উচ্চ ন্যায়লয়ে ৷ বাকী ১০৭ ঘৰৰো ওপৰত থকা ঘৰক উচ্চ ন্যায়ালয়ে সমৰ্থন কৰা নাছিল বুলি কেএছএৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷
তেওঁলোকৰ সংশ্লিষ্ট বিভাগৰ কোনো বৈধ নথি নাই বুলি মন্তব্য কৰাৰ লগতে ইয়াৰোপৰি কেএছএৰ সভাপতিদ্বয়ে লাহৰিজানৰ আশে পাশে থকা আৰু অবৈধ বেদখলকাৰীকো শীঘ্ৰে উচ্ছেদ কৰিবলৈ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক আহ্বান জনায় ৷












