![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আগন্তক নৱবৰ্ষটো যাতে দুৰ্ঘটনামুক্ত হয় সেই উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যত জিলা প্ৰশাসন, জিলা পৰিবহন বিভাগ, আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত পথ সুৰক্ষা সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷
একে উদ্দশ্য আৰু লক্ষ্যৰে পাহাৰীয়া জিলা কাৰবি আংলঙতো পথ সুৰক্ষাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ আজি মুখ্য সদৰ চহৰ ডিফুৰ গান্ধী পাৰ্কৰ ওচৰত জিলা, প্ৰশাসন, আৰক্ষী প্ৰশাসন, আৱকাৰী বিভাগ, আৰু জিলা পৰিবহন বিভাগে এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
আনহাতে মাদক দ্ৰৱ্য সেৱন কৰি যান-বাহন চলোৱা চালকসকলক চিনাক্ত কৰিবলৈ চৰকাৰে দিয়া ইণ্টাৰচেপ্টেড বাহনখন এই কাৰ্যসূচীৰ যোগেদি প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰোপৰি মদ্যপান কৰা চালকে হেলমেট বিহিন নথিপত্ৰ বিহীনভাবে গাড়ী চলাই যুৱকক দুৰ্ঘটনা সংঘটিত কৰা শীৰ্ষক এক বাটৰ নাটো ৰাইজৰ জ্ঞাতাৰ্থে ৰাজপথৰ ওপৰতে মঞ্চস্থ কৰি ৰাইজক সজাগ কৰি তোলাৰ চেষ্টা কৰা হয় ৷
আজিৰ সজাগতা কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত এছ খান আৰু জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷ এই সজাগতা কাৰ্যসূচীৰ যোগেদি পথ সুৰক্ষাৰ বিধি নিয়ম, মানি দুচকীয়া বাহনলৈ হেলমেট পৰিধান কৰি অহা চালকক ফুলাম গামোচাৰে ৰাজপথৰ ওপৰতে সম্বৰ্ধিত কৰা হয়৷
ইয়াৰোপৰি একাংশ হেলমেট বিহীন চালকৰ লগতে সাংবাদিকক বিনামূলীয়া হেলমেট প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষই ৷ সজাগতা কাৰ্যসূচীত উপস্থিত থকা কাৰবি আংলং জিলা অতিৰিক্ত উপায়ুক্ত এছ খানে সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ২০২০ ইংৰাজী বৰ্ষত এশৰো অধিক লোকে পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে, ইয়াৰে অধিকাংশ দ্ৰুত বেগ আৰু মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হৈছে ৷দ্ৰুতবেগৰ বাবে দুৰ্ঘটনাৰ মৃত্যুৰ হাৰ জিলাখনত ৭৫’৬৪ শতাংশ ৷
উপায়ুক্ত গৰাকীয়ে ইয়াকো কয় যে, ক’ভিডৰ পৰা ৰক্ষা পাবলৈ যদি ৰাইজে মাস্ক পৰিধান কৰিব পাৰে । তেনে ক্ষেত্ৰত বহুমূলীয়া জীৱনটো দুৰ্ঘটনাৰ ৰক্ষা কৰিবলৈ হেলমেট পৰিধান কৰিব লাগে ৷ এইক্ষেত্ৰত সংবাদমাধ্যমেও ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷
আনহাতে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে জিলা পৰিবহন বিভাগ, আৱকাৰী বিভাগ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ প্ৰচেষ্টাৰ প্ৰতি ৰাইজে যথোচিত সঁহাৰি জনাইছে৷ ফলত পূৰ্বৰ হেলমেট বিহীন ১৫০-২০০ চালকৰ জৰিমনাৰ বিপৰীতে ই দ্ৰুত গতিত হ্ৰাস পাইছে৷
নতুন বছৰত ৰাজপথ ৰাঙলী নোহোৱাকৈ লগতে বছৰটোৰ শেষদিন আৰু নৱবৰ্ষৰ প্ৰথম দিনটো যাতে সুকলমে পাৰ হয় আৰু অনাগত দিনত যাতে এখন দুৰ্ঘটনামুক্ত কাৰবি আংলং হয় তাৰ প্ৰতি সকলোৱে সংকল্পবদ্ধ হ’ব লাগে বুলি আহ্বান জনায় ৷












