![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথিপ্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হব লগা অসম গ্ৰন্থমেলা প্ৰৱেশৰ বাবে চিজন টিকটৰ ব্যৱস্থা।গ্ৰন্থমেলাত আটাইকেইটা দিন প্ৰৱেশৰ সুবিধা হোৱাকৈ আয়োজক সমিতিয়ে এই চিজন টিকটৰ ব্যৱস্থা কৰিছে।অহা ২৭ডিচেম্বৰৰ পৰা আগ্ৰহী দর্শনাৰ্থীসকলে সংগ্ৰহ কৰিব পাৰিব। ১০০ টকা মূল্যত উপলব্ধ হ’ব চিজন টিকট। এটা টিকটত প্ৰৱেশ কৰিব পাৰিব দৈনিক দুজনকৈ। শনিবাৰে প্ৰেছ বিজ্ঞপ্তি জৰিয়তে এই কথা প্ৰকাশ আয়োজক সমিতি।উল্লেখ্য যে ২৯ডিচেম্বৰ পৰা ৯জানুৱাৰীলৈ ১২দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।













